ফজলুৰ ৰহমান

সোণতলী 

১০ আগষ্ট

দক্ষিণ কামৰূপৰ সোণতলীত পথ দুৰ্ঘটনাত হতাহত দুই ভগ্নী। এগৰাকী ভগ্নী নিহত হোৱাৰ লগতে আহত অন্য এগৰাকী ভগ্নী। নিহত শিশুটি ৩ নং দক্ষিণ ৰঙাপানীৰ ৰবিউল হুছেইনৰ কন্যা ৰহিমা বেগম আৰু আহত শিশুটি আয়শা বেগম।

দক্ষিণ কামৰূপৰ সোণতলীত উদণ্ড বাইক চালকে প্ৰাণ ল’লে এটি শিশুৰ। এছ এছ-০১-এ ই-৭৮৪৫ নম্বৰৰ বাইকেৰে অহা উদণ্ড বাইক চালকে পথৰ কাষত ৰৈ থকা দুটি শিশুক প্ৰচণ্ড যোৰে খুন্দা মৰাত এটি শিশু নিহত হোৱাৰ লগতে অন্য এটি শিশু গুৰুত্বৰভাৱে আহত হয়। শিশু দুটিক স্থানীয় ৰাইজে উদ্ধাৰ কৰি সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি ৰহিমা বেগম নামৰ শিশুটিক মৃত বুলি ঘোষণা কৰাৰ লগতে আয়শা বেগমক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনা সংঘটিত কৰা বাইক আৰোহী দুজন নখৰবেৰাৰ ভখুৰাদিয়া গাঁৱৰ আব্দুল কালাম আৰু ৰাজু আহমেদ বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা বাইক চালকৰ সৈতে আৰোহীজন সম্প্ৰতি সোণতলী আৰক্ষীৰ জিম্মাত আছে।