কাজিৰঙা

২ জুলাই

নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নামি আহিছে বিভীষিকা। বৃহস্পতিবাৰৰ দিনটোত ৰাষ্ট্ৰীয় উদ্যানখনত বানৰ পানী বৃদ্ধি পোৱা নাই যদিও বৰ্তমানোও কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল আছে বাঢ়নী পানীৰ তলত। বানৰ পানী আৰু অধিক বৃদ্ধি পালেই সংকট নামি আহিব উদ্যানখনৰ বন্যপ্ৰাণী সমুহলৈ।

উজনিৰ পৰা নামনিলৈকে ৰাজ্যত বানৰ বিভীষিকা। বানৰ কবলত পৰিছে ৰাজ্যৰ ২২ খন জিলাৰ ১৬ লক্ষাধিক লোক। মানুহৰ সমান্তৰালে বন্যপ্ৰাণী সমুহলৈও সংকট কঢ়িয়াই আহিছে কালৰূপী বানে। এশিঙীয়া গঁড়ৰ বাবে বিশ্ব বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু পবিতৰা অভয়াৰণ্যৰ বিস্তীৰ্ণ এলেকা এতিয়া বাঢ়নী পানীত তলত।

ভয়াবহ বানত ডুব যোৱা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰথমটো বানতে মৃত্যু হৈছে ১৪ টাকৈ বন্যপ্ৰাণীৰ। বানৰ কবলত পৰি উদ্যানখনত মৃত্যু হোৱা ১৪ টা বন্যপ্ৰাণীৰ ভিতৰত আছে ১ টা গড় আৰু ১৩ টা পহু। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঢ়নী পানীত ডুব যোৱাত ওখ স্থানলৈ ঢাপলি মেলাৰ সময়ত ১৩ টা পহু আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে গাড়ীৰ খুন্দাত মৃত্যু হৈছে ১ টা পহু। উদ্যানখনত বানপানীৰ ফলত এটা বাঘ আঘাতপ্ৰাপ্ত হয়, যদিও বাঘটোক উদ্ধাৰ কৰি চিকিৎসাৰ প্ৰদানৰ পিছত মুকলি কৰি দিয়া হয়। ইয়াৰ উপৰিও দুটা আঘাতপ্ৰাপ্ত অজগৰ সাঁপ উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ পিছত পুনৰ উদ্যানখনত এৰি দিয়া হয়।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বানপানীৰ সময়ছোৱাত প্ৰৱৰ্তন কৰা টাইম কাৰ্ডৰ জৰিয়তে বৰ্তমানলৈকে ৩৭২১ খন গাড়ী চলাচল কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ২২৩ টা বন শিৱিৰৰ ভিতৰত বানৰ কবলত পৰিছে ১৪৩ টা বন শিৱিৰ।