বাঘবৰ

৩ জুলাই

বৰপেটা জিলাৰ বাঘবৰত বানৰ বিভীষিকা। নাওঁৰ ওপৰত দিন-ৰাতি পাৰ কৰিছে বানাক্ৰান্ত ৰাইজ। খাদ্য, এটুপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ বানাক্ৰান্তৰ। কুম্ভকৰ্ণ নিদ্ৰাত চৰকাৰ, জনপ্ৰতিনিধি আৰু জিলা প্ৰশাসন।

ৰাজ্যৰ ২২ খনকৈ জিলা এতিয়া বানৰ কবলত। উজনিৰ পৰা নামনিলৈকে বানৰ কবলত পৰি ককবকাইছে ১৬ লক্ষাধিক লোক। বৰপেটা জিলাখনৰো বিভিন্ন অঞ্চলত বানপানীয়ে সৃষ্টি কৰিছে বিভীষিকা। জিলাখনৰ বাঘবৰ সমষ্টিত বেকী আৰু ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে সমষ্টিটোৰ ৭০ শতাংশ লোকৰ ঘৰ, ডুব গৈছে বিস্তীৰ্ণ অঞ্চল আৰু কৃষিভূমি।

ঘৰৰ মুদচলৈকে বাঢ়নী পানীত ডুব যোৱাত অসহায় হৈ পৰিছে বাঘবৰ সমষ্টিৰ ফুলৰা, চতলা, পাথৰচালী, দীয়লদী, মইনবড়ী আদিৰ অৰ্ধশতাধিক গাঁৱৰ কেইবাহাজাৰ পৰিয়াল। খাদ্য, বস্ত্ৰ, বিশুদ্ধ খোৱা পানী, শৌচাগাৰৰ লগতে উপযুক্ত চিকিৎসা সেৱাৰ অভাৱত পৰিছে সমষ্টিটোৰ বানাক্ৰান্ত পৰিয়াল কেইটা। বাঘবৰ সমষ্টিৰ বৃহৎ কৃষিভূমি বাঢ়নী পানীত ডুব যোৱাত ধান, মৰাপাটৰ লগতে বিভিন্ন পাচলি খেতি সম্পূৰ্ণৰূপে ধ্বংস হৈছে পৰিছে।

বানপানীত সকলো হেৰুৱাই আশ্ৰয় শিবিৰত থাকিবলৈ বাধ্য হৈছে বাঘবাৰৰ কেইবা শতাধিক পৰিয়াল। বাঘবৰ সমষ্টিত দুই-এখন দলং আৰু ৰাস্তাৰ কাম হৈছে যদিও অধিক লাভৰ বাবে দলং আৰু ৰাস্তা ওখ নকৰাৰ ফলত এতিয়া ৰাস্তাৰ ওপৰেদি এবুকু পানী বৈ থকাৰ লগতে দলং একাঠু লৈকে ডুব গৈছে বাঢ়নী পানীত। মুঠতে বাঘবৰ সমষ্টিৰ প্ৰায়বোৰ পঞ্চায়ততে কেইটামান ওখ ভেটিৰ বাদে বানপানীৰয়ে সৃষ্টি কৰিছে এক সাগৰ সদৃশ পৰিৱেশ।

ৰাইজৰ এই দুৰ্দশাৰ পিছতো কুম্ভকৰ্ণ নিদ্ৰাত ব্যস্ত, জনপ্ৰতিনিধি আৰু বৰপেটা জিলা প্ৰশাসন। চৰকাৰ তথা জিলা প্ৰশাসনক বাঘবৰ সমষ্টিৰ বানাক্ৰান্ত ৰাইজে তেওঁলোকক সাহায্য প্ৰদান কৰাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাতৰ আহ্বান জনাইছে।