আজিজুল হক

বৰপেটা 

২৫ নৱেম্বৰ

বিজেপি নেতা, মন্ত্ৰী, বিধায়কসকলে সৰ্বত্ৰ মুখত আওৰাই থকা সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস নীতিৰ শ্ল’গানৰ বিপৰীতে ৰাজ্যৰ ভিন্ন প্ৰান্তত একাংশ বিজেপি নেতাই দুখীয়া, সৰ্বসাধাৰণ লোকক দাবী ঢমকিৰে ধন ঘটাত জৰিত হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে৷ মুখত নৰেন্দ্ৰ মোডীৰ সবকা সাথ সবকা বিকাশৰ মিঠা শ্লোগাণ লৈ বাস্তৱ ক্ষেত্ৰত ওলোটা খৰ মৰা একাংশ বিজেপি নেতাৰ বাবে বৰপেটা জিলাৰ বহৰিত মাছমৰীয়া সম্প্ৰদায়ৰ নিম্নবৰ্গৰ একাংশ গাঁওবাসীয়ে এতিয়া ভয়ত দিন কটাবলগীয়া হোৱা বুলি অভিযোগ উঠিছে৷ অসম ঔদ্যেগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ তথা বিজেপি নেতা জিতু তালুকদাৰে আৰক্ষী আৰু প্ৰশাসনৰ জৰিয়তে মৎস্যজীৱি একাংশ লোকক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ লগতে মৎস্যজীৱি লোকসকলক শাৰিৰীকভাৱেও অপদস্থ কৰা বুলি বহৰি ৰিজাৰ্ভ গাঁৱৰ মৎস্যজীৱি পৰিয়ালসমুহে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

বিজেপি নেতা জিতু তালুকদাৰৰ অত্যাচাৰৰ বিৰুদ্ধে অবশেষত নিৰ্যাতিত মৎস্যজীৱি লোকসকলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসক লিখিত অভিযোগ দাখিল কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানৰ লগতে বৰপেটা জিলা বিজেপি আৰু চেঙা মণ্ডল বিজেপিকো উক্ত অভিযোগৰ প্ৰতিলিপি প্ৰেৰণ কৰিছে৷ বিজেপি নেতা জিতু তালুকদাৰৰ বিৰুদ্ধে মৎস্যজীৱি লোকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি অসম ঔদ্যোগিক উন্নয়ন নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে বহৰি বজাৰৰ মাছ ব্যৱসায়ীৰ ওপৰত প্ৰায় এবছৰ ধৰি চলাই আহিছে অত্যাচাৰ ৷ মূলত মাছ বজাৰৰ কমিছনৰ ধনক লৈ জিতু তালুকদাৰৰ সৈতে এইসকল দুখীয়া মাছমৰীয়াৰ সংঘাত আৰম্ভ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে৷ নিজকে প্ৰভাৱশালী নেতা বুলি দাবী কৰা জিতু তালুকদাৰক লাগে মাছ ব্যৱসায়ৰ কমিছন৷ কমিছন আদায় নিদিলেই আৰক্ষী, প্ৰশাসনক ব্যৱহাৰ কৰি মৎস্য ব্যৱসায়ী সকলৰ ওপৰত হাৰাশাস্তি চলোৱাৰ লগতে দেহৰক্ষী লগত লৈ গৈ জপিয়াই পৰে মাছ ব্যৱসায়ীৰ ওপৰত৷ বয়োজ্যেষ্ঠ মাছ ব্যৱসায়ী একোজনকো গতিয়াই, ঢকিয়াই, জোতাৰে গছকি নিৰ্যাতন চলাই আহিছে জিতু তালুকদাৰে৷ পূৰ্বতে জিতু তালুকদাৰৰ নিৰ্দেশমৰ্মে দীনেশ দাস নামৰ এজন বিজেপি নেতাই মাছ ব্যৱসায়ীৰ পৰা ১ শতাংশ কমিছন আৰু মাহেকত এহেজাৰ টকা আদায় কৰি আহিছিল কিন্তু মাছ ব্যৱসায়ীসকলে যোৱা অক্টোবৰ মাহৰ পৰা বিজেপি নেতাজনক কমিছনৰ টকা আদায় দিয়া বন্ধ কৰাৰ বাবেই ব্যক্তিগত নিৰাপত্তাৰক্ষী লগত লৈ গৈ ৰামপ্ৰসাদ মালো দাস নামৰ বয়োজ্যেষ্ঠ লোকজনক শাৰিৰীকভাৱে অপদস্থ কৰাৰ লগতে একাংশ অনুগত সাংবাদিকৰ জৰিয়তে মাছ ব্যৱসায়ী সকলৰ বিৰুদ্ধে নানা অপপ্ৰচাৰ চলাই আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে জিতু তালুকদাৰৰ বিৰুদ্ধে৷ মৎস্য ব্যৱসায়ীসকলে জনোৱামতে, জিতু তালুকদাৰৰ নিৰ্দেশমৰ্মে বহৰি বজাৰৰ দীনেশ দাস নামৰ এগৰাকী বিজেপি নেতাই বহৰি বজাৰৰ মাছ ব্যৱসায়ৰ ১ শতাংশ কমিছন আৰু নগদ এক হাজাৰ টকা আদায় কৰি আহিছে কিন্তু মাছ ব্যৱসায়ীসকলে সম্প্ৰতি পৰিয়াল চলাব নোৱাৰা হোৱাত কমিছন আদায় দিয়া বন্ধ কৰাৰ ফলত আৰক্ষী প্ৰশাসনৰ বিভিন্ন বিষয়াৰ জৰিয়তে মাছ ব্যৱসায়ীসকলক ভীতিগ্ৰস্থ কৰি আহিছে আৰু বিগত কেবাদিন ধৰি তেওলোকে ভয় ভীতিৰ মাজত ব্যৱসায় চলাই থাকিবলগীয়া হৈছে৷

ইপিনে আন এক অভিযোগ মতে, বহৰি ৰিজাৰ্ভ গাঁও মীন সমবায় সমিতি লিমিটেড নামৰ সমিতিখনে গুৱাহাটীৰ হাতীমূঢ়া পাহাৰৰ পৰা বহৰি অংশলৈকে থকা ব্ৰহ্মপুত্ৰৰ ৩ নং মীনমহলটো ডাকত লৈ মৎস্য ব্যৱসায় চলাই আহিছে৷ এই মীন মহলটো ডাকত লৈ দিয়াৰ বাবেও হেনো মাছমৰীয়াসকলৰ পৰা জিতু তালুকদাৰে দাবী কৰিছিল বছৰেকত ১ লাখকৈ টকা৷ উক্ত দাবী কৰা ধন আদায় নিদিয়াৰ বাবেও মাছমৰীয়াসকলৰ ওপৰত বিজেপি নেতা জিতু তালুকদাৰ খৰ্গহস্ত হৈ থকা বুলিও মীন সমবায় সমিতিখনে সাংবাদিকৰ আগত অভিযোগ উত্থাপন কৰিছে৷ ইপিনে বহৰি ফিছ মাৰ্কেটিং কো-অপাৰেটিভ চ’ছাইটি লিমিটেড আৰু বহৰি ৰিজাৰ্ভ গাঁৱৰ অনুসূচিত সম্প্ৰদায়ৰ লোকসকলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত ব্ৰহ্মপুত্ৰৰ মীন মহলৰ মাছৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতো জিতু তালুকদাৰে বাধাৰ সৃষ্টি কৰা বুলি অভিযেগ তুলিছে৷ মাছ ব্যৱসায়ীসকলে কৰা অভিযোগ অনুসৰি ব্ৰহ্মপুত্ৰৰ ৩ নং মীন মহলটো তেওঁলোকে সাত বছৰৰ বাবে ডেৰ কোটি টকাত ডাকত লৈছিল৷ ব্ৰহ্মপুত্ৰৰ উক্ত মীন মহল অংশত মাছ ধৰা মাছমৰীয়াৰ পৰা সমবায় সমিতিখনে ২০ শতাংশ হাৰত ধন সংগ্ৰহ কৰি চৰকাৰক ৰাজহ আদায় দিয়ে কিন্তু জিতু তালুকদাৰে মাছমৰীয়াৰ পৰা প্ৰাপ্য ধন সংগ্ৰহৰ ক্ষেত্ৰত বাধা দিয়াৰ উদ্দেশ্যে চেঙাৰ ৰাজহ চক্ৰ বিষয়াক ভূৱা অভিযোগ দাখিল কৰি তেওঁলেকক হাৰাশাস্তি কৰি আহিছে৷ জিতু তালুকদাৰৰ এনে অপকৰ্মৰ বিৰুদ্ধে বিজেপি দল আৰু চৰকাৰক অভিযোগ দাখিলতে ক্ষান্ত নাথাকি ক্ষোভিত বহৰি অঞ্চলৰ মৎস্যজীৱি পৰিয়ালসমুহে বহৰি বজাৰত জিতু তালুকদাৰৰ বিৰুদ্ধে ধৰ্ণা কাৰিযসূচীও ৰূপায়ন কৰে৷ জিতু তালুকদাৰৰ কমিচনৰাজ বন্ধ কৰক, জুতু তালুকদাৰৰ হাৰাশাস্তিৰ পৰা আমীক ৰক্ষা কৰক, জুতু তালুকদাৰৰ অত্যাচাৰৰ পৰা আমাক ৰক্ষা কৰক নহ’লে মুখ্যমন্ত্ৰীয়ে আমাক গুলিয়াই মাৰক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিজেপি নেতাজনৰ কমিছনৰাজৰ বিৰুদ্ধে বিজেপি সভাপতি ৰঞ্জিত কুমাৰ দাসৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সংখ্যালঘু মৰ্চাৰ সভাপতি মুক্তাৰ হুছেইন খানক লিখিত অভিযোগ দাখিল কৰি জিতু তালুকদাৰৰ দূস্কাৰ্য বন্ধ কৰা আৰু এই সম্পৰ্কে বিহীত ব্যৱস্থা লোৱাৰ বাবে দুখীয়া মৎস্যজীৱি পৰিয়ালসমুহে জনেৱা দাবীৰ ক্ষেত্ৰত দলটোৱে কি ব্যৱস্থা লয় তালৈ সকলোৱে বাট চাইছে৷ যদিহে এইক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহন নকৰে তেন্তে আইনৰ আশ্ৰয় লোৱাৰ লগতে দলটোৰ বিৰুদ্ধেও আন্দোলনৰ কাৰ্যসূচী গঢ়ি তোলা হ’ব জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে।

ইপিনে বিজেপি নেতা জনৰ কমিছন আদায়ৰ ঘটনাক বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি মুক্তাৰ হুছেইন খানে দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছে ৷ তেওঁ কয় যে, লক ডাউনৰ কবলত পৰাৰ সময়ৰ পৰাই দেশৰ দুখীয়া লোকসকলক সৰ্বতোপ্ৰকাৰে সেৱা আগবঢ়াবৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্দেশ দি আহিছে আৰু দলৰ প্ৰতিজন কাৰ্যকৰ্তাই এই নিৰ্দেশ পালন কৰি দুখীয়া লোকসকলক সহায় কৰি আহিছে৷ তাৰমাজতে দুখীয়া মাছ ব্যৱসায়ীসকলক কমিছনৰ নামত শাৰিৰীকভাৱে অপদস্থ কৰা, আৰক্ষী, প্ৰশাসনক হতুৱাই হাৰাশাস্তি কৰা কাৰ্য কোনোপধ্যে উচিত কাৰ্য নহয়৷ তেওঁ এই ঘটনাৰ সৈতে জড়িত সকলৰ ওপৰত দলে ব্যৱস্থা গ্ৰহন কৰিব বুলি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছে৷ ইপিনে এই সকলোবোৰ অভিযোগ অস্বীকাৰ কৰিছে জিতু তালুকদাৰে৷ বহৰি বজাৰত অবৈধ মাছ ব্যৱসায়ত বাধা দিয়াৰ বাবেই তেওঁৰ ওপৰত অভিযোগ অনা বুলি জানিবলৈ দিয়ে বিজেপি নেতাজনে৷