গুৱাহাটী

৩০ জুলাই

কৃষক নেতা অখিক গগৈৰ মুক্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। বৃহস্পতিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে। হোজাইত অখিল গগৈৰ মুক্তিৰ দাবীত নাৱৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিবৰ্তে মৰাণত সাব্যস্ত কৰা হয় সংস্কৃতিক প্ৰতিবাদ।

যোৱা কিছুদিন ধৰি কাৰাবন্ধী হৈ থকা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত সমগ্ৰ ৰাজ্যতে তীব্রতৰ হৈ উঠিছে প্ৰতিবাদ। বৃহস্পতিবাৰেও উজনিৰ পৰা নামনিলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ’ল অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ। লখিমপুৰ জিলাৰ লালুকত অখিল গগৈৰ মুক্তিৰ দাবীত কৃষক মুক্তি সমগ্ৰাম সমিতিয়ে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বৃহৎ মানৱ শৃংখল কাৰ্যসূচীৰে কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গোলাঘাট চহৰৰ মাজমজিয়াতো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অখিল গগৈৰ মুক্তিৰ দাবীত বিশাল প্ৰতিবাদী সমদল উলিয়াই। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্য সকলে হাতে হাতে অখিল গগৈৰ ফটোলৈ ৰাজপথলৈ উলিয়াই আহি কৃষক নেতা গৰাকীক অতি শীঘ্ৰে কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ দাবী জনায়। হোজাই জিলাৰ ডবকাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকর্তা সকলে অখিল গগৈৰ মুক্তিৰ দাবীত ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰ্ধ শতাধিক কৰ্মকর্তাই নদীৰ মাজত নাৱৰ ওপৰত উঠি অখিল গগৈ জিন্দাবাদ, অখিল গগৈক মুক্তি দিবই লাগিব, বিজেপি চৰকাৰ মূর্দাবাদ শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে। ইফালে মৰাণতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যগত অখিল গগৈৰ মুক্তিৰ দাবীত সংস্কৃতিক প্ৰতিবাদ সাব্যস্ত কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত বিভিন্নজনে কবিতা আবৃত্তি কৰি আৰু গীত গাই কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনায়। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল সংগঠনে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

উল্লেখ্য যে অখিল গগৈৰ মুক্তিৰ দাবীৰ সমান্তৰালে প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীৰ পৰা “কা”ৰ বিৰোধিতা কৰি “কা” আমি নামনো ধ্বনিৰে পৰিৱেশ উত্তাল কৰা পৰিলক্ষিত হয়। অখিল গগৈক মুক্তি দিয়াৰ লগতে “কা” বাতিল নকৰিলে তীব্ৰ আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।