নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ মাৰ্চ: কিছুদিন পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰি দেশৰ লগতে মধ্যপ্ৰদেশৰ ৰাজনীতিত তোলপাৰৰ সৃষ্টি কৰা মধ্যপ্ৰদেশৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া সংকটৰ গৰাহত। ভূমি কেলেংকাৰীৰ গোচৰ জ্যোতিৰাদিত্য সিন্ধিয়া বিৰুদ্ধে।

কিছুদিন পূৰ্বেই দলবাগৰি বিজেপিত যোগদান কৰা জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধে পুনৰ খোল খাইছে অভিযোগৰ ফাইল। একালৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপিৰ নেতা জ্যোতিৰাদিত্য সিন্ধিয়া বিৰুদ্ধে উত্থাপিত হোৱা ভূমি কেলেংকাৰীৰ পুনৰবৰ তদন্ত আৰম্ভ কৰিছে অৰ্থনৈতিক অপৰাধ শাখাই। মধ্যপ্ৰদেশৰ ভূপালত এডোখৰ মাটিকে কেইবাবাৰো বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ আছিল বৰ্তমানৰ বিজেপি নেতা সিন্ধিয়াৰ বিৰুদ্ধে।তাৰোপৰি চৰকাৰী ভূমি বিক্ৰী কৰাৰো গুৰুত্বৰ অভিযোগো আছে সিন্ধিয়াৰ বিৰুদ্ধে।

২০১৪ চনত ভূমি কেলেংকাৰীৰ গোচৰত জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধে অৰ্থনৈতিক অপৰাধ শাখাই তদন্ত চলাইছিল যদিও পৰৱৰ্তী সময়ত বন্ধ কৰি দিয়া হৈছিল সেই তদন্ত। এতিয়া পুনৰবাৰ জ্যোতিৰাদিত্য সিন্ধিয়াৰ বিৰুদ্ধে থকা ভূমি কেলেংকাৰীৰ অভিযোগৰ ফাইল খোল খোৱাৰ সম্ভনা প্ৰকট হৈছে বুলি জানিব পৰা গৈছে।