নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৩ মাৰ্চ: সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছৰ কবলত কানাডাৰ প্রধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ পত্নী ছফি গ্ৰেগয়াৰ ট্ৰুড।প্ৰধানমন্ত্ৰী কাৰ্যালয়ে এক বিবৃতিযোগে জনাই এই কথা।মাৰাত্মক ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতেই আইছ’লেচন ৱাৰ্ডত ৰাখি চিকিত্‍সা প্ৰদান কৰা হৈছে জাষ্টিন ট্ৰুড’ৰ পত্নী চফি গ্ৰেগয়াৰ ট্ৰুডক।

কানাডা চৰকাৰে সদৰি কৰা তথ্য অনুসৰি প্ৰধানমন্ত্ৰী গৰাকীৰ পত্নীৰ দেহত কৰ’ণা ভাইৰাছৰ সাধাৰণ লক্ষণ দেখা যোৱাৰ পিছতে নিয়া হয় চিকিৎসাৰ বাবে। অৱশ্যে প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুড’ৰ দেহত কোনো ধৰণৰ কৰ’ণা ভাইৰাছৰ উমান পোৱা নাই তথাপিও উন্নত চিকিৎসাৰ উদ্দেশ্যত ১৪ দিনৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীক ৰখা হ’ব আইছ’লেচন কক্ষত। আনফালে, স্পেইনৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ দেহতো দেখা গৈছে ভয়ানক কৰ’ণা ভাইৰাছ। স্পেইনৰ মন্ত্ৰী আইৰিন মণ্টেৰ’ৰ দেহত উমান পোৱা গৈছে মাৰাত্মক কৰ’ণা ভাইৰাছৰ আৰু ইয়াৰ পিছতেই আছুতীয়াকৈ ৰখা হৈছে মন্ত্ৰীগৰাকীক।

স্পেইনৰ চৰকাৰে সদৰী কৰা তথ্য অনুসৰি পৰিস্থিতিলৈ লক্ষ্য ৰাখি উপ প্ৰধানমন্ত্ৰী পেব্ল’ ইগলেছিয়াছকও পৃথকৈ ৰখা হৈছে আৰু ইয়াৰ উপৰিও কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰাৰ বাবে স্পেইনৰ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ উদ্দেশ্যে অতি সোনকালে অনুষ্ঠিত কৰিব কেবিনেটৰ বিশেষ মিটিং।