বাক্সা

১৪ নৱেম্বৰ

শুকুৰবাৰে আছুৰ মুখ্য উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্য উপস্থিত হয় মুছলপুৰত। বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্যই বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে বুলি মন্তব্য প্ৰকাশ কৰি বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।

বাক্সা জিলা ছাত্ৰ সন্থাৰ তৃতীয় বাৰ্ষিক মুছলপুৰ অধিবেশত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্যই কয় যে অসমৰ খিলঞ্জীয়া মানুহৰ হকে কাম কৰি যোৱাটোৱেই মোৰ কাম৷ দলীয় নিৰ্বাচনীৰ বাহিৰত থাকি অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে মই কাম কৰি যাম৷ আছু আছু হৈয়ে থাকিব আৰু আছুৱে নিজৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুন্ন ৰাখিবই লাগিব৷ বিজেপি চৰকাৰক সমালোচনা কৰি আছুৰ উপদেষ্টা গৰাকীয়ে কয় যে বিজেপি চৰকাৰে যিবোৰ প্ৰতিশ্ৰুতি দিছিল সকলোবোৰ প্ৰতিশ্ৰুতি মিছা প্ৰমাণিত হৈছে। বিজেপিয়ে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিদেশী নাগৰিকে টালি টোপোলা বান্ধি যাব লাগিব বুলি কৈছিলে, এতিয়া বিজেপিয়ে কৈছে বিদেশী নাগৰিকে টালি টোপোলা বান্ধি আহিব লাগিব৷ বিজেপিয়ে অসম চুক্তিক উলংঘা কৰি “কা” আমাৰ ওপৰত জাপি দিছে৷ খিলঞ্জীয়া বিৰোধী, অসম চুক্তিক উলংঘাকাৰী, সাম্প্ৰদায়িক আৰু অসাংবিধানিক বিল এখন আমাৰ ওপৰত জাপি দিছে বিজেপিয়ে৷ “কা” কেতিয়াও মানি লৱ পৰা বিষয় নহয়৷ বিজেপি চৰকাৰৰ কথা আৰু কামৰ মাজত বহু পাৰ্থক্য আছে৷ অসম চুক্তিৰ ছয় নং দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচ দিম বুলি উচ্চস্তৰীয় কমিটিয়ে চুক্তি গঠন কৰিছিল৷ প্ৰধানমন্ত্ৰীয়ে প্ৰতিবেদন পালেই কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল৷ গৃহমন্ত্ৰীয়ে প্ৰতিবেদনৰ দীড়ি-কমাসহকাৰে কাৰ্যকৰীকৰণ কৰিম বুলি কৈছিল কিন্তু নকৰিলে বুলি মন্তব্য প্ৰকাশ কৰি কেন্দ্ৰৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে আছুৰ উপদেষ্টা গৰাকীয়ে৷ ৰক্ষা কৱচ আমাৰ বাবে প্ৰাপ্য বুলিও মন্তব্য কৰে আছুৰ উপদেষ্টা সমূজ্জল কুমাৰ ভট্টাচাৰ্যই।

আছুৰ বাক্সা জিলাৰ সভাপতি গোবিন্দ শৰণীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্মৰণিকা উন্মোচন কৰে কৰে জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাই৷ মুকলি সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ যোগেন চন্দ্ৰ কলিতাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।