মিৰ্জাৰ পৰা অজয় দাস, সংবাদ ৩৬৫, ৩০ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ বিজয়নগৰত সোমবাৰে নিশা দুৰ্বৃত্তই এজন ব্যৱসায়ীক গুলিয়াই হত্যা কৰাৰ প্ৰতিবাদত  মঙ্গলবাৰে পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে স্থানীয় ব্যৱসায়ীসকলৰ লগতে ঐক্য সেনা অসম আৰু ছাত্ৰ ঐক্য সেনা অসমৰ কৰ্মকৰ্তাসকলে। প্ৰতিবাদকাৰী সকলে পুৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ ফলত পথৰ দুয়োকাষে তীব্ৰ যানযতৰ সৃষ্টি হয়। প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰে ব্যৱসায়ীজনক গুলিয়াই হত্যা কৰা দুৰ্বৃত্তক আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে ব্যৱসায়ী সকলৰ সুৰক্ষা প্ৰদানৰ দাবী জনোৱাৰ লগতে অসম আৰক্ষী মূর্দাবাদ ধ্বনিৰ পৰিবেশ উত্তাল কৰি তোলে। পৰিবেশ অধিক উত্তাল হৈ পৰাত আৰক্ষীয়ে চিআৰপিএফ বাহিনী মোতায়েন কৰে। প্ৰতিবাদস্থলীত পলাশবাৰীৰ সমিষ্টিৰ বিধায়ক প্ৰণৱ কলিতা উপস্থিত হৈ এই ঘটনাৰ লগত জড়িত থকা দুৰ্বৃত্তসকলক অতি শীঘ্ৰে আটক কৰি শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰে। উল্লেখ্য যে সোমবাৰে নিশা বিজয়নগৰৰ ব্যৱসায়ী শান্তিলাল জৈনক বাইকেৰে অহা এক দুৰ্বৃত্তৰ দলে গুলিয়াই হত্যা কৰি তেখেতৰ লগত থকা পৰা টকাৰ বেগ লৈ পলায়ন কৰিছিল। এই সমগ্ৰহ ঘটনা চিচিটিভি বন্দী হৈছে আৰু আৰক্ষীয়ে চিচিটিভিৰ দৃশ্য সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে।