বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৪ মেঃ বঙাইগাঁও জিলাৰ যোগীঘোপাত দেওবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত অভয়াপুৰী আৰক্ষী চকীৰ গাড়ী চালক সত্যজিৎ ৰায় নিহত হয়। প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে নিশা এটা গোচৰৰ তদন্তৰ বাবে অভয়াপুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়ৰ লগত গাড়ী চালক সত্যজিৎ ৰায় যোগীঘোপা আৰক্ষী চকীত উপস্থিত হৈ গাড়ীখন থানাৰ চৌহদত থৈ ৩১ নং(খ) ৰাষ্ট্ৰীয় ঘাইপথলৈ খোজকাঢ়ি ওলাই আহোতে অচিনাক্ত বাহন এখন খুন্দাত সত্যজিৎ ৰায় গুৰুত্বৰ ভাবে আঘাতপ্ৰাপ্ত হয়। দুৰ্ঘটনা সংঘটিত কৰা বাহন খনে অন্ধকাৰৰ সযোগলৈ পলায়ন কৰিবলৈ সক্ষম হয়। যোগীঘোপা আৰক্ষী আৰু স্থানীয় লোকে ঘটনাস্থলীত উপস্থিত হৈ ৰায়ক অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই ৰায়ৰ মৃত্যু ঘটা বুলি চিকিৎসকে জানিবলৈ দিয়ে। আৰক্ষীয়ে প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰন কৰে।