মুকালমুৱা, ২৯ আগষ্টঃ এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যাণ পৰিষদে মুকালমুৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱাত সংগঠন দুটাৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে লাফিকুল হত্যাৰ ন্যায় লাগে,  কোকৰাঝাৰৰ আৰক্ষী অধীক্ষকক চাকৰিৰ পৰা নিলম্বন কৰক, অসম চৰকাৰ হায় হায়, অসম আৰক্ষী হায় হায় ধ্বনিৰে চৌদিশ উত্তাল কৰি তোলে৷ উল্লেখ্য যে, এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাকাৰীক মুখ্যমন্ত্ৰীয়ে ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমান পৰ্যন্ত লাফিকুলৰ হত্যাকাৰীক চিনাক্ত কৰিব নোৱাৰা কাৰ্যক সংগঠন দুটাই কঠোৰ ভাষাৰে সমালোচনা কৰে৷ এয়া অসম চৰকাৰৰ গৃহ বিভাগ ব্যৰ্থতা নে ইয়াৰ আঁৰত আন কোনো গভীৰ ৰহস্য জড়িত হৈ আছে সেইয়া এতিয়াও ৰহস্যৰ আৱৰ্তত বুলি সংগঠন দুটাই গভীৰ উদ্দেগ প্ৰকাশ কৰিছে৷ প্ৰতিবাদকাৰীসকলে লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ লগতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক শীঘ্ৰে চাকৰিৰ পৰা নিলম্বন কৰাৰ উপৰি কোকৰাঝাৰত থকা অবৈধ মাৰণাস্ত্ৰ সমূহ জব্দ কৰাৰ দাবী জনায়৷ অন্যথা সংগঠন দুটাই ভয়াবহ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ দিয়ে৷