মীৰ জিয়াউৰ ৰহমান
গোসাইগাঁও
৫ ডিচেম্বৰ

বিটিচিৰ দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই প্ৰতিদ্বন্দ্বি প্ৰাৰ্থী সকলে ভোটাৰৰ মন জয় কৰিবলৈ দিনে নিশা ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। সমষ্টিয়ে সমষ্টিয়ে চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৰাজনৈতিক দল সমূহে ষ্টাৰ প্ৰচাৰক লৈ বিশাল সভা অনুষ্ঠিত কৰি থকা সময়তে নিৰ্দলীয় প্ৰাৰ্থী সকলেও নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ বাবে গাঁৱে-ভুঞে সভা সমিতি অনুষ্ঠিত কৰি আছে।

বিটিচিৰ ২ নম্বৰ গুমা পৰিষদীয় সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী আব্দুল ছামাদ চৌধুৰীয়ে সমষ্টিটোৰ বিভিন্ন জনবসতি অঞ্চল সমূহত ভোটাৰ ৰাইজৰ মন জয় কৰিবলৈ উঠি পৰি লাগিছে। উক্ত সমষ্টিৰ তুলসীবিল অঞ্চলৰ মোৱামাৰী, বালাপাৰা, কুমগুৰী, জলডোবা, মলানডুবি, কুৰ্শাকাটি, টেঙনাৰভিটা আদি অঞ্চলৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে নিজে ৰাইজৰ ওচৰ চাপি ভোট প্ৰাৰ্থনা কৰি ৰাইজৰ বিপুল সঁহাৰি পোৱা বুলি জনায়। উক্ত সমষ্টিৰ পৰা ১১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত বিপিএফ, ইউপিপিএল, এআইইউডিএফ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী সকলক প্ৰত্যাহ্বান দিবলৈ এআইইউডিএফ দলৰ প্ৰাক্তন নেতা তথা সমষ্টিটোত যথেষ্ট জনসমৰ্থন থকা আব্দুল ছামাদ চৌধুৰীৰ আত্মপ্ৰকাশে অন্যান্য প্ৰাৰ্থীসকলৰ টোপনি হৰণ কৰিছে বুলি তেওঁৰ সমৰ্থক সকলে জনায়। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহন কৰা সমষ্টিটোত এবেলি আব্দুল ছামাদৰ জয় নিশ্চিত বুলি দাবী কৰে কুমগুৰীবাসী ৰাইজে।

শনিবাৰে কুমগুৰীত অনুষ্ঠিত দলীয় সভাত চৌধুৰীয়ে কংগ্ৰেছ, বিপিএফ আৰু ইউপিপিএল দলৰ প্ৰাৰ্থী সকলৰ অতীত আৰু ভৱিষ্যতে তেওঁলোকে কি কৰিব তাৰ বিস্তাৰিত ব্যাখ্যা কৰি গুমা সমষ্টিৰ ৰাইজক নিজৰ অধিকাৰ ৰক্ষা আৰু জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত তেওঁক ভোট দিবলৈ ৰাইজৰ প্ৰতি অনুৰোধ জনায় ৷