সোণতলী, ১০ আগষ্টঃ দক্ষিণ কামৰূপৰ সোণতলীৰ ৰাঙ্গাপানীত বিদ্ধস্ত পথ-দলঙে সৰ্বসাধাৰণক যাতায়ত ক্ষেত্ৰত যমৰ-যাতনা ভোগাইছে৷ সোণতলী বজাৰৰ পৰা ৰাঙ্গাপানী বজাৰ সংযোগী পথছোৱাৰ ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বিধ্বস্ত দলঙে সম্প্ৰতি যাতায়ত ব্যৱস্থা প্ৰায় ব্যাহত কৰিছে৷ বিশেষকৈ ৰাঙ্গাপানী বজাৰৰ পৰা মোল্লাৰ পাম হৈ মালীবাৰী বজাৰ সংযোগী পথত থকা কাঠৰ সাঁকোৱে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসীৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছে৷ জৰাজীৰ্ণ কাঠৰ সাঁকোৱে দৈনিক শতাধিক লোক বিপদ সংকুল যাতায়ত কৰিবলগীয়া হৈছে৷ উপযুক্ত বাট-পথ নথকাত অঞ্চলবাসীয়ে গাঁঠিৰ ধনেৰে বাঁহৰ সাকো নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিছিল৷ প্ৰায় দহ বছৰ পূৰ্বে চৰকাৰে এখন কাঠৰ সাকোঁ নিৰ্মান কৰিছিল যদিও নিম্নমানৰ সা-সামগ্ৰী ব্যৱহাৰ কৰাত নিৰ্মাণৰ কিছুদিন পিছতেই দলং খন ভাঙি যায়৷ যাৰ কাৰণে অঞ্চলবাসীয়ে বিপদ সংকুল ভাবে যাতায়ত কৰিবলৈ বাধ্য হৈছে৷ যাতায়ত উপযোগী দলং নথকাত স্বাস্থ্য বিভাগৰ ১০৮, আদৰণি আদি সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে গৰ্ভৱতী মহিলা, সংকটজনক বা দুৰ্ঘটনাগ্ৰস্থ ৰোগী৷ স্থানীয় লোকে বিভাগীয় কৰ্তৃপক্ষ তথা জন প্ৰতিনিধিক বাৰম্বাৰ পকী বা কাঠৰ দলং নিৰ্মাণ কৰিবলৈ দাবী জনোৱাৰ পিছতো প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷