টিংখাং, ১০ আগষ্টঃ জনসাধাৰণক জীৱনৰ নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা ৰাজ্যৰ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলো এতিয়া চৰম অসুৰক্ষিত। অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ বাবে নাই নুন্যতম সুৰক্ষা ব্যৱস্থা৷ যিকোনো মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হ’ব পাৰে বিদ্যুৎ কৰ্মচাৰীসকল । অসম ৰাজ্যিক বিদ্যুৎ বিভাগৰ কৰ্মচাৰীয়ে উদঙালে গুৰুত্বপূৰ্ণ বিভাগটোৰ দুৰৱস্হাৰ বিষয়ে। প্ৰাপ্ত তথ্য মতে, ডিব্ৰুগড়ৰ টিংখাং উপ বিদ্যুৎ সংমণ্ডলৰ কাৰ্যালয়ৰ বিদ্যুৎ কৰ্মীসকল প্ৰতিটো ক্ষণতে প্ৰাণৰ শংকাত ভূগিবলগীয়া হৈছে৷ বিভাগে যোগান ধৰা নাই দায়িত্ব পালনৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া অতি প্ৰয়োজনীয় সুৰক্ষা সামগ্ৰীসমূহ। হেণ্ড গ্ল’ফছ, জোতা, হেলমেট, সুৰক্ষিত জখলা আদি একোৱেই মজুত নাই কাৰ্যালয়টোত। যাৰ কাৰণে সুৰক্ষা সামগ্ৰীৰ অবিহনেই ১১,০০০ ভল্টৰ উচ্চ ক্ষমতাসম্পন্ন তাঁৰৰ সৈতে খেলা কৰিব লগীয়া হয় বিদ্যুৎ কৰ্মীসকলে। আনহাতে চাৰিটা ফিডাৰট বিভক্ত উপ-সংমণ্ডলটোৰ নিয়ন্ত্রণ কক্ষতো একে অৱস্হা। নিয়ন্ত্রণ কক্ষত থকা দুইতৰপীয়া আউট চুইটচ (আইচ’লেটৰ) ব্যৱস্থাৰ এটা আইচ’লেটৰ দীৰ্ঘদিনে বিকল হৈ আছে। বিদ্যুতৰ মেৰামতিৰ কাম চলি থকা অৱস্থাত বিদ্যুত কৰ্মী আৰু ৰাইজৰ সুৰক্ষাৰ বাবে নিয়ম মতে নিৰ্দিষ্ট ফিডাৰৰ বিদ্যুৎ কৰ্তনৰ বাবে কম্পিউটাৰ আৰু ফিডাৰট সংযুক্ত আইচ’লেটৰ অফ কৰিব লাগে। কিন্তু উপ-সংমণ্ডলটোৰ ফিডাৰট সংযুক্ত আউটচুইটচ (আইচ’লেটৰ) বিকল হৈ পৰাত বৰ্তমান কেৱল কম্পিউটাৰ আইচ’লেটৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই বিদ্যুৎ কৰ্মীসকলে অতি বিপদ সংকূলভাৱে কৰ্তব্য পালন কৰিবলগীয়া হৈছে। আনহাতে উপ-সংমণ্ডলটোত নাই পৰ্যাপ্ত কৰ্মচাৰী। বৃহৎ অঞ্চলটোৰ বাবে আছে মাত্ৰ এখন বিভাগীয় বাহন। কাৰ্যালয়ৰ ভিতৰত প্ৰয়োজন অনুসাৰে নাই কম্পিউটাৰ, চকী- টেবুলৰ ব্যৱস্থা। জহি-খহি গৈছে কৰ্মচাৰীৰ আৱাস গৃহ।