ৰঙিয়া, ১০ আগষ্টঃ ৰঙিয়াৰ গোসাই শৌলমাৰীৰ পৰা বিগত তিনিদিন ধৰি সন্তান সহ এগৰাকী মাতৃ সন্ধানহীন হৈ থকা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ততথ্য মতে, অনিথা এম এছে (২২) সোমবাৰে পুৱা পুত্ৰ আমিনুৰ আলীৰ চিকিৎসাৰ কাৰণে ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হয়৷ পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰিও অনিথা আৰু আমিনুৰৰ কোনো সন্ধান লাভ কৰিব পৰা নাই। ৰঙিয়াৰ গোসাই শৌলমাৰীৰ আজিজুৰ ৰহমানে চাৰি বছৰ পূৰ্বে কৰ্ণাটকৰ কোম্পানী এটাত কৰ্ণাটকৰ অনিথা এম এছক  লগ পাই আৰু দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে। পিছত দুয়ো বিবাহ পাশত আবদ্ধ হৈ ৰঙিয়ালৈ উভতি আহে৷ সোমবাৰে হঠাৎ পত্নী আৰু একমাত্ৰ সন্তানটো নিখোজ হোৱাত পৰিয়ালে দুষ্ট চক্ৰই দুয়োকে বহিঃৰাজ্যত মানৱ সৰবৰাহকাৰীক বিক্ৰী কৰা সন্দেহ কৰিছে। ঘটনা সন্দৰ্ভত পৰিয়ালে ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে  মাতৃ-পুত্ৰৰ কোনো শুংসূত্ৰ লাভ কৰিব পৰা নাই।