বৰহাট, ৫ অক্টোবৰঃ বিদ্যুতৰ সঘন কৰ্তনে অতিষ্ঠ কৰি তুলিছে চৰাইদেউৰ বৰহাটবাসীক। পৰিৱৰ্তনকামী শ্ল’গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপি মিত্ৰজোঁট চৰকাৰ নেতৃত্বত বৰ্তমান সমগ্ৰ ৰাজ্যৰ লগতে বৰহাটতো বিদ্যুতৰ সঘন কৰ্তনে জনসাধাৰণক সংকটত পেলাইছে। নিৰ্বাচনৰ প্ৰাকক্ষণত ২৪ ঘন্টা বিদ্যুৎ যোগানৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনে বৰ্তমান নুন্যতম সময় বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বৰহাটবাসীয়ে৷ বিদ্যুতৰ সঘন কৰ্তনৰ ফলত উৎকট গৰমত সৰ্বসাধাৰণে জ্বলা কলা খোৱাৰ লগতে বৰহাটৰ চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান, কাৰ্যালয়ত বিস্তৰ ক্ষতি হৈছে৷ বিদ্যুৎ বিভাগৰ এনে গাফিলতিত বৰহাটবাসীয়ে বিভাগীয় মন্ত্ৰী পল্লৱ লোচন দাসক কঠোৰ ভাষাৰে সমালোচনা কৰিছে৷ আনহাতে স্থানীয় বিধায়ক তপন কুমাৰ গগৈয়ে এই ক্ষেত্ৰত নিৰ্লিপ্ত ভূমিকা গ্ৰহণ কৰা স্থানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷