গুৱাহাটী, ৬ অক্টোবৰঃ গুৱাহাটীৰ উজান বজাৰস্থিত অসম সাংবাদিকতা বিদ্যালয়ে ১১ নৱেম্বৰৰ পৰা দুদিনীয়া কাৰ্য্যসূচীৰে নাগৰিক সাংবাদিকতা বিষয়ক এক কৰ্মশালাৰ আয়োজন কৰিছে। কৰ্মশালাৰ তত্ত্বাৱধায়ক তথা অসম সাংবাদিকতা বিদ্যালয়ৰ সঞ্চালক মনোৰম গগৈয়ে সদৰি কৰা মতে, সময় সলনি হোৱাৰ লগে লগে গণ মাধ্যম তথা সাংবাদিকতাৰো ৰূপ তথা গতি প্ৰকৃতি সলনি হৈছে। সময়ৰ সৈতে খাপ খোৱাই অসমীয়া সাংবাদিকতাক আগবঢ়াই নিয়াটো অতি জৰুৰী বিবেচিত হৈছে। এই উদ্দেশ্য সন্মুখত ৰাখিয়েই অসম সাংবাদিকতা বিদ্যালয়ে নাগৰিক সাংবাদিকতা বিষয়ক কৰ্মশালা খনৰ আয়োজন কৰিছে৷ বিদ্যালয়ে মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন পাঠ্যক্ৰমত অধ্যয়নৰত আগ্ৰহী ছাত্ৰ ছাত্ৰীৰ লগতে সমাজৰ বিভিন্ন পেছাত নিয়োজিত ইচ্ছুক নাগৰিকসকলেও এই কৰ্মশালাত অংশগ্ৰহণ কৰিব পাৰিব। ছপা মাধ্যম, বৈদ্যুতিন মাধ্যমৰ লগতে শেহতীয়াকৈ বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰা অনলাইন জাৰ্নেলিজিম তথা ছ’চিয়েল মেডিয়াৰ বিভিন্ন দিশত গুৰুত্ব প্ৰদানেৰে এই কৰ্মশালাৰ পাঠ্যসূচী প্ৰস্তুত কৰা হৈছে। কৰ্মশালাত অংশগ্ৰহণৰ কাৰণে ইচ্ছুক ব্যক্তিয়ে ১০ অক্টোবৰৰ পৰা গুৱাহাটীৰ উজান বজাৰস্থিত অসম সাংবাদিকতা বিদ্যালয়ৰ কাৰ্যালয়ত নাম পঞ্জীয়ন কৰিব পাৰিব। সবিশেষ জানিবলৈ  ৯৮৬৪০৭৬৩০০ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে৷