ফজলুৰ ৰহমান

সোণতলী 

৯ আগষ্ট

হোজাইৰ বিজেপি বিধয়াক শিলাদিত্য দেৱৰ বিৰুদ্ধে ৰাজ্যৰ প্রান্তে প্রান্তে প্ৰতিবাদ। বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ, কবি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজীকলৈ বিতৰ্কিত মন্তব্য কৰা বিধায়ক শিলাদিত্য দেৱৰ ওপৰত জাঙুৰ খাই উঠিছে ৰাজ্যবাসীৰ লগতে বিভিন্ন দল-সংগঠন।

হোজাইৰ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱে সাহিত্যিক চৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদীৰ লগত তুলনা কৰা মন্তব্যকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দক্ষিণ কামৰূপৰ জাওঁকাটাত বিধায়ক শিলাদিত্য দেৱৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম মিঞা অসমীয়া পৰিষদে৷ জাওঁকাটা বজাৰ ক্লাৱৰ সহযোগত গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিজেপি চৰকাৰ হায়, হায়, বাংলাদেশী দালাল শিলাদিত্য দেৱ গ’ বেগ, অসম চৰকাৰ গ’ বেগ, অসম চৰকাৰ হায়, হায়, বাংলাদেশীৰ দালাল হুচিয়াৰ, শিলাদিত্য দেৱক গ্ৰেপ্তাৰ কৰক, চৈয়দ আব্দুল মালিকক অপমান কৰা নচলিব, জয় আই অসম, মিঞা পৰিষদ জিন্দাবাদ আদি ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ শিলাদিত্য দেৱে সাহিত্যিক চৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজীকলৈ কৰা বিতৰ্কিত মন্তব্যক গৰিহণা জনাই শিলাদিত্য দেৱক অসমবাসী ৰাইজৰ আগত সংবাদমেল অনুষ্ঠিত কৰি আঠুকাঢ়ি ক্ষমা খুজিবলৈ দাবী জনায় অসম মিঞা অসমীয়া পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলে ৷

উল্লেখ্য যে কছুদিন পূৰ্বে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি চৈয়দ আব্দুল মালিকে তেওঁৰ সৃষ্টিৰাজীৰে বৌদ্ধিক জেহাদ চলাইছিল বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল সঘনাই বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনামা দখল কৰা হোজাইৰ বিধায়ক শিলাদিত্য দেৱে। বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিককলৈ বিতৰ্কিত মন্তব্য কৰি এইবাৰ বিপাঙত পৰিছে বিধয়াক শিলাদিত্য দেৱ। বিজেপিৰ সংখ্যালঘু নেতা মমিনুল আৱালেও শিলাদিত্য দেৱৰ এই বিতৰ্কিত মন্তব্যক গৰিহণা দি শিলাদিত্য দেৱৰ ক্ষমাৰ দাবী জনাইছে।