গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : মহানগৰীৰ ৰুক্মীণীগাঁৱত সংঘটিত হোৱা এক বিস্ফোৰণৰ ঘটনাত নলবাৰীৰ এজন যুৱক নিহত। লক ডাউন আৰম্ভ হোৱাৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে কৰ্মস্থলীত যোগদান কৰি বিস্ফোৰণৰ ফলত নিহত হ’ল নলবাৰীৰ যুৱক জন। অগ্নি নিৰ্বাপকৰ সামগ্ৰীৰ দোকানত সংঘটিত হয় বিস্ফোৰণ।

মঙলবাৰে দুপৰীয়াৰ ভাগত মহানগৰীৰ ৰুক্মীণীগাঁৱত সংঘটিত হয় এক ভয়াবহ বিস্ফোৰণৰ ঘটনা। ৰুক্মীণীগাঁৱৰ ‘লাইফ কেয়াৰ একুইপমেণ্ট’ নামৰ অগ্নি নিৰ্বাপকৰ সামগ্ৰীৰ বিক্ৰী কৰা এখন দোকানত সংঘটিত হোৱা বিস্ফোৰণৰ ফলত দোকানখনত কৰ্মৰত মৃদুল ডেকা নামৰ এজন যুৱকৰ মৃত্যু হয়। নিহত মৃদুল ডেকাৰ ঘৰ নলবাৰী জিলাত আৰু লক ডাউন আৰম্ভ হোৱাৰ পিছত মঙলবাৰে প্ৰথমবাৰৰ বাবে নিহত যুৱক জন কৰ্মস্থলীত যোগদান কৰিছিল। প্ৰশান্ত কুমাৰ ভৰালী আৰু মিনতী ভৰালীৰ নামত থকা ‘লাইফ কেয়াৰ একুইপমেণ্ট’ নামৰ অগ্নি নিৰ্বাপকৰ সামগ্ৰীৰ বিক্ৰী কৰা দোকানখনত মৃদুল ডেকা কাম কৰি থকা অৱস্থাত হঠাৎ প্ৰচণ্ড বিস্ফোৰণ হয় আৰু বিস্ফোৰণৰ ফলত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় মৃদুল ডেকা।

বিস্ফোৰণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা মৃদুল ডেকাক ততাতয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে মৃদুল ডেকাক মৃত বুলি ঘোষণা কৰে। বিস্ফোৰণৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে এই সম্পৰ্কে তদন্ত আৰম্ভ কৰিছে।