কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২২ মাৰ্চ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ইছবপূৰ গাঁৱৰ পৰা এজন বিবাহিত যুৱকে বিয়াৰ প্ৰলোভন দি পলুৱাই অনা এগৰাকী ১৬ বছৰীয়া কিশোৰীক আৰক্ষীয়ে বৃহস্পতিবাৰে উদ্ধাৰ কৰে। উল্লেখ্য যে, মইনবড়ি গাঁৱৰ বুলবুল হুছেইন নামৰ এটা সন্তানৰ পিতৃয়ে ঢালিগাঁৱৰ হাছিনা খাতুন নামৰ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক বিয়াৰ প্ৰলোভন দি পলুৱাই আনি ইছবপূৰ গাৱঁত লুকুৱাই ৰাখে। বিবাহিত যুৱক এজনে ১৬ বছৰীয়া কিশোৰী এগৰাকীক পলুৱাই অনাৰ খবৰ পাই স্থানীয় গাওঁবুঢ়াৰ সহযোগত ৰাইজে বুলবুল হুছেইনৰ কবলৰ পৰা কিশোৰী গৰাকীক উদ্ধাৰ কৰে। ৰাইজে কিশোৰী গৰাকীক উদ্ধাৰ কৰি বুলবুল হুছেইনক আৰক্ষীক গতাই দিয়ে। আনহাতে আৰক্ষীয়ে কিশোৰী গৰাকীক বৰপেটা চাইল্ডলাইনক গতাই দিয়ে বুলি জানিব পৰা গৈছে।