গুৱাহাটী, ৯ অক্টোবৰঃ নগাঁৱৰ বিশিষ্ট সাংবাদিক বলেন বৰাই আমোলাপট্টিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে৷ বলেন বৰা দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল৷ বৰাই দৈনিক অসম কাকতৰ নগাঁও জিলাৰ স্থানীয় সংবাদদাতাৰ লগতে নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত কলংপাৰৰো সম্পাদক আছিল৷ বৰাৰ আপকুৰ নগাঁও জিলা সমিতিৰো সভাপতি আছিল৷ নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতেও বৰা জড়িত আছিল৷ বৰাৰ মৃত্যুৰ সময়ত বয়স আছিল ৫৮ বছৰ৷ সাংবাদিক বলেন বৰাৰ মৃত্যুত সমগ্ৰ নগাঁৱতে শোকৰ ছাঁ পৰিছে।