বৰহাট, ৯ অক্টোবৰঃ চৰাইদেউৰ বৰহাটৰ লেচাই সমন্বয় ক্ষেত্ৰৰ বৰহাট ৰাজহুৱা প্ৰেক্ষাগৃহত চুম্ হুম্ লিক্ লাই লে ফিঙ্ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতিখন গঠন কৰা হয়৷ চুম্ হুম্ লিক্ লাই লে ফিঙ্ ঙে ত্তাঈৰ কাৰ্যকৰী সভাপতি নৱজ্যোতি খনিকৰৰ পৌৰাহিত্যত সমিতিৰ জৰুৰীকালীন সাধাৰণ সভাখন অনুষ্ঠিত হয়। সুৰেণ বুঢ়াগোঁহাঞিয়ে আঁত ধৰা অনুষ্ঠানটোত চুম্ হুম্ লিক্ লাই লে ফিঙ্ ঙে ত্তাঈ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰুস্তম গগৈ, কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক নন্দেশ্বৰ ফুকনকে ধৰি কেবাজনো টাই  জনগোষ্ঠীয় ব্যক্তি উপস্থিত থাকি জনগোষ্ঠীটোৰ উত্তৰণৰ লগতে ভাষা, সাহিত্য, সংস্কৃতিৰ  সম্পৰ্কত  নিজাৰ বক্তব্য দাঙি ধৰে৷ উক্ত সভাত নৱজ্যোতি খনিকৰক সভাপতি আৰু সুৰেণ বুঢ়াগোঁহাইক সম্পাদক হিচাপে লৈ ২১ জনীয়া চুম্ হুম্ লিক্ লাই লে ফিঙ্ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতিখন গঠন কৰা হয়৷