নৱজ্যোতি বৰুৱাচা

মগুৰি

১৭ ছেপ্টেম্বৰ

বিশ্বকৰ্মা পূজাৰ দিনাই চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহনৰ জুই প্ৰশমিত কৰাৰ চেষ্টা। ট্ৰাঞ্চফৰ্মাৰটোত উমি-উমি বৰ্তমানেও জ্বলি আছে জুই।

বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাৰ দিনাই পুৱাৰ ভাগত চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। পুৱাৰ ভাগত হঠাতে চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনৰ ট্ৰাঞ্চফৰ্মাৰ এটাত জুইৰ সূত্ৰপাত হোৱাত পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনৰ কৰ্মচাৰী সকলৰ মাজত আতংকৰ সৃষ্টি হয়।অগ্নিকাণ্ডৰ সুত্ৰপাতৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও শক্তি বিভাগৰ উচ্চ পদস্থ বিষয়া ঘটনাস্থলিত উপস্থিত হৈ অনুসন্ধান আৰম্ভ। ইফালে ২৫ মেগা ভ’ল্ট এম্পিৰাত হোৱা অগ্নিকাণ্ডই সমগ্ৰ নগাঁও জিলাত কেইবাদিন ধৰি প্ৰভাৱান্বিত কৰিব বুলি জানিব পৰা গৈছে। বিকল্প ব্যৱস্থা আছে যদিও ২৫ মেগা ভ’ল্ট এম্পিৰাত হোৱা অগ্নিকাণ্ডৰ ফলত সমগ্ৰ জিলাখনতে সঘনাই ল’ড চেডিং হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলিও জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ দুখনকৈ বাহন উপস্থিত হৈ বহু সময় ধৰি জুই প্ৰশমিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। বর্তমানেও ট্ৰাঞ্চফৰ্মাৰটোত উমি-উমি জুই জ্বলি আছে।

আজি নিৰ্মাণ-সৃজনৰ দেৱতা বিশ্বকৰ্মাৰ পূজা উপলক্ষে বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতো চাৰিওফালে দেৱতা বিশ্বকৰ্মাৰ আৰাধনা প্ৰস্তুতি চলি থকাৰ মাজতে চামগুৰিৰ পাৱাৰ গ্ৰীড চাৰ্ভিচ ষ্টেচনত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত কৰ্মচাৰী সকল হতাশ হৈ পৰা পৰিলক্ষিত হৈছে। বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়।