বৰপেটা, সংবাদ ৩৬৫, ৬ জুন : কৰিম আলী ঠেলাত পাচলি লৈ বিক্ৰী কৰে মানুহৰ ঘৰে ঘৰে গৈ। কৰিম আলীয়ে পাচলি বিক্ৰী কৰিয়ে কোনো মতে চলাই আহিছে পৰিয়াল। সকলো কষ্ট অকলে স্বীকাৰ কৰি কৰিম আলীয়ে পুত্ৰক সুযোগ দিছিল শিক্ষা লাভ কৰাৰ। অৱশেষত কৰিম আলীৰ কষ্টৰ সুফল দিলে পুত্ৰ ইয়ামিন আলীয়ে।

শনিবাৰে ঘোষণা কৰা হ’ল ৰাজ্যৰ হাই স্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল। পৰীক্ষাত অৱতীৰ্ণ হোৱা বহু ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অভিবাবক তথা শিক্ষগুৰৰ মুখলৈ হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। ইয়াৰ মাজতে কিছুমান ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হৈ পিতৃ-মাতৃৰ মুখলৈ হাঁহি বিৰিঙাই অনাৰ লগতে পিতৃ-মাতৃৰ অশেষ দুখ-কষ্টৰ সুফল প্ৰদান কৰিবলৈ সক্ষম হৈছে। তেনে এগৰাকী ছাত্ৰ হৈছে বৰপেটা জিলা কাঁহিবাৰী গাঁৱৰ কৰিম আলীৰ পুত্ৰ ইয়ামিন আলী। ইয়ামিন আলীৰ পিতৃ কৰিম আলীয়ে ঠেলাত পাচলি লৈ মানুহৰ ঘৰে ঘৰে গৈ বিক্ৰী কৰি অতি কষ্টৰে পোহপাল দি আছে নিজৰ পৰিয়ালটোক। ঘৰৰ আৰ্থিক অৱস্থা অতি শোচনীয় হোৱাৰ পিছতো কৰিম আলীয়ে পুত্ৰক নিজৰ সমৰ্থ অনুসৰি প্ৰদান কৰি আহিছে শিক্ষা লাভৰ সুবিধা। ঘৰৰ আৰ্থিক অৱস্থা অতি শোচনীয় হোৱাৰ বাবে ইয়ামিন আলীয়ে চাকিৰ পোহৰতে অধ্যয়ন কৰিছিল টিউচন ল’বলৈ অসক্ষম ইয়ামিন আলীক পৰীক্ষাৰ পূৰ্বে চকুৱা হাই মাদ্ৰাছাৰ শিক্ষক সকলেও বহু সহায় সহযোগ কৰিছিল। পিতৃ কৰিম আলীৰ অশেষ দুখ-কষ্ট আৰু শিক্ষাগুৰুৰ সহায়-সহযোগৰ ফলতে আজি ইয়ামিন আলীয়ে হাই মাদ্ৰাছা পরীক্ষাত সমগ্ৰ অসমৰ ভিতৰতে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে।

হাই মাদ্ৰাছা পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থান দখল কৰা ইয়ামিন আলী ভৱিষ্যতে এজন চিকিৎসক হোৱাৰ পৰিকল্পনা কৰি অধ্যয়ন কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছে।