কুন্দন ভৰালী

নগাঁও

১৩ ছেপ্টেম্বৰ

ৰাইজক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ বাবে এগৰাকী কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ। মৰিকলং আৰক্ষী চকীৰ সন্মুখতে আৰক্ষী কনষ্টিবলক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰিলে উদণ্ড যুৱকৰ দলে।

বিশ্বব্যাপী কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰাজ্যত দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত এই মাৰাত্মক ভাইৰাছক ৰোধৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা সঠিকভাৱে পৰিচালনা কৰাৰ বাবে আৰক্ষী-প্ৰশাসন দিনে নিশাই ব্যস্ত হৈ আছে। আৰক্ষী-প্ৰশাসনে নিজৰ দায়িত্ব পালনত ব্যস্ত হৈ থকাৰ মাজতে একাংশ লোকে কৰ’ণা ভাইৰাছ সম্পৰ্কে চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা ভংগ কৰা পৰিলক্ষিত হৈ আহিছে। ইয়াৰ মাজতে দেওবাৰে ৰাইজক কৰ’ণা ভাইৰাছ সম্পৰ্কে চৰকাৰী নীতি-নিৰ্দেশনা সঠিকভাৱে অৱলম্বন কৰাৰ বাবে ৰাইজক আহ্বান জনোৱাৰ বাবে ৰাইজৰ আক্ৰমণৰ বলি হ’ব লগা হ’ল এগৰাকী আৰক্ষী কনষ্টিবল। নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ কনিষ্টবল ৰতন মুক্তিয়াৰে আৰক্ষী চকীৰ সন্মুখত ৰাইজক মাস্ক পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ বাবেই ৰাইজৰ আক্ৰমণৰ বলি হ’ল। কভিড নীতি অনুসৰি মাস্ক পৰিধান নকৰাকৈ ঘৰৰ পৰা ওলাই অহা একাংশ যুৱকক কৰ্তব্যৰত আৰক্ষী কনষ্টিবল ৰতন মুক্তিয়াৰে বাধা প্ৰদান কৰাৰ লগতে একাংশ লোকক কোভিডৰ নীতি অনুসৰি ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছিল। ইয়াতে ক্ষুব্ধ হৈ মৰিকলং অঞ্চলৰ একাংশ যুৱকে আৰক্ষী চকীখনৰ সন্মুখতে অতি বেয়াকৈ প্ৰহাৰ কৰে আৰক্ষী কনিষ্টবল গৰাকীক।

ঘটনা সন্দৰ্ভত নগাঁও সদৰ থানাত আৰক্ষী কনষ্টিবল গৰাকীয়ে এজাহাৰ দাখিল কৰিছে৷ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অজিত সিং নামৰ মৰিকলংৰ এজন যুৱকক আটক কৰাৰ লগতে ঘটনাৰ লগত জড়িত অন্যান্য ব্যক্তি সকলক বিচাৰি তদন্ত অব্যাহত ৰাখিছে৷