আজিজ আলী

মুকালমুৱা 

৩ আগষ্ট

সমগ্ৰ ৰাজ্যতে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতাৰণা বিৰোধী দিৱস। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত
মুকালমুৱা ৰাজীৱ ভৱনৰ বাকৰিতো কংগ্ৰেছৰ প্ৰতাৰণা দিৱস কাৰ্যসূচী। বিজেপি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ কংগ্ৰেছ কৰ্মী সকলৰ।

বান সমস্যা প্ৰতিৰোধ আৰু বান সাহায্য প্ৰদানৰ নামত বিজেপিয়ে ভুৱা প্ৰতিশ্ৰুতি প্ৰদানৰ অভিযোগত কংগ্ৰেছ দলৰ প্ৰতাৰণা দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ডা: ভুমিধৰ বৰ্মনে বিজেপি চৰকাৰে ৰাজ্যৰ বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ পূৰণত সম্পুৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰে। ৰাজ্যৰ বান সমস্যা, গৰাখহনীয়া সমস্যাকে ধৰি বানপিড়ীত ৰাইজক বান সাহাৰ্য যোগান ধৰাতো চুড়ান্ত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ বুলিও মন্তব্য কৰি কেন্দ্ৰ ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। ৰাজ্যৰ বিজেপি চৰকাৰখনে নিৰ্বাচনৰ সময়ত অসমবাসী ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহৰ কোনো এটাই চাৰি বছৰত পূৰণ কৰিব নোৱাৰিলে বুলিও মন্তব্য কৰি ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে বৰ্ষীয়ান কংগ্ৰেছ নেতা ডা: ভুমিধৰ বৰ্মনে৷ প্ৰতিবাদী কাৰ্যসুচীত বিজেপি চৰকাৰৰ বান সমস্যা প্ৰতিৰোধ আৰু বান সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি সমূহৰ এক প্ৰতিলিপিও দাহ কৰে কংগ্ৰেছ কৰ্মী সকলে।

বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত কৰা প্ৰতাৰণা দিৱসত নলবাৰী জিলা কংগ্ৰেছৰ উপ-সভাপতি জেহেৰুল হক, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল মজিদ, বৰক্ষেত্ৰী ব্লক কংগ্ৰেছৰ উপ-সভাপতি তথা মুকালমুৱা জিলা পৰিষদৰ সদস্য খাইৰুল হ‘ক চৌধুৰী, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে আছিচ কুমাৰ আহমেদ, চাধুল্লা আলী, মফিজুৰ ৰহমানসহ তিনি শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে।