আনিছুৰ আলী
গৌৰীপুৰ
৩ আগষ্ট

কিডনী আৰু যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুৰ ক্ষণ গনিছে একমাত্ৰ পুত্ৰ সন্তান। অৰ্থৰ অভাৱত পুত্ৰক চিকিৎসা প্ৰদান কৰিব নোৱাৰি দিনে নিশাই হিয়া ঢুকুৰি কান্দিছে পিতৃ-মাতৃ। দিন হাজিৰা কৰা পিতৃ লকডাউনৰ ফলত কৰ্মহীন হৈ পৰাত তীব্ৰ অৰ্থ সংকটত পৰিছে।

ধুবুৰী জিলাৰ আঠানী আৰক্ষী চকীৰ অন্তৰ্গত বানিয়ামাৰী চতুৰ্থ খণ্ড গাঁৱৰ বাসিন্দা মোস্তফা সেখৰ ৭ বছৰীয়া একমাত্ৰ পুত্ৰ সন্তান জাফৰ আলী চিকিৎসাৰ অভাৱত ঘৰৰ বিচনাতে মৃত্যুৰ ক্ষণ গনিছে। কিডনী আৰু যকৃতৰ জটিল ৰোগত আক্ৰান্ত একমাত্ৰ পুত্ৰ সন্তানৰ উন্নত চিকিৎসাৰ বাবে দৰিদ্ৰ পিতৃ-মাতৃৰ হাতত নাই ধন। কিডনী আৰু যকৃতৰ জটিল ৰোগত আক্ৰান্ত জাফৰ আলীক পিতৃ-মাতৃয়ে কিছুদিন পূৰ্বে গৌৰীপুৰৰ এজন ব্যক্তিগত চিকিৎসকৰ ওচৰত নিছিল যদিও চিকিৎসকজনে জাফৰক উন্নত চিকিৎসাৰ পৰামৰ্শ দিয়াত এতিয়া দৰিদ্ৰ পিতৃ-মাতৃৰ মূৰৰ ওপৰত আকাশ ভাঙি পৰিছে। দিন হাজিৰা কৰি কিবাকৈ পৰিয়াল পোহপাল দিয়া জাফৰৰ পিতৃ লকডাউণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে কৰ্মহীন হৈ পৰাত এতিয়া এবেল এমুঠিৰ বাবে সংগ্ৰাম কৰিব লগাত পৰিছে। এনে পৰিস্থিতিত পুত্ৰক উন্নত চিকিৎসাৰ প্ৰদান কৰাটো অসম্ভৱ হৈ পৰিছে জাফৰৰ পিতৃৰ বাবে। লক ডাউনৰ ফলত কৰ্মহীন হৈ পৰা জাফৰৰ পিতৃয়ে বিগত তিনি দিন ধৰি দুটি কন্যা আৰু ৰোগাক্ৰান্ত পুত্ৰকলৈ লঘনে আছে।

এক অবৰ্ণনীয় পৰিস্থিতিৰ সম্মুখীন হোৱা পৰিয়াটোৰ এই নিষ্পাপ শিশু জাফৰ সচাকৈ চিকিৎসাৰ অভাৱত এনেদৰে আৰু কিমান দিন মৃত্যুৰ ক্ষণ গণি থাকিব? এইদৰেই শিশু জাফৰৰ জীৱনৰ সমাপ্তি ঘটিব নেকি? কিডনী আৰু যকৃতৰ কঠিন ৰোগত আক্ৰান্ত হোৱা শিশু জাফৰৰ চিকিৎসাৰ বাবে আগুৱাই আহিব নে চৰকাৰ? জাফৰৰ প্ৰাণ ৰক্ষাৰ লগতে পৰিয়ালটোৰ দায়িত্বত আগবাঢ়ি আহিবনে কোনো হৃদয়ৱান ব্যক্তি অথবা দল-সংগঠন? মৃত্যুৰ লগত যুজি থকা জাফৰ পিতৃৰ আহ্বান মোৰ পুত্ৰক আপোনালোকে সহায় কৰক। জাফৰৰ পিতৃৰ মবাইল নন্বৰ ৭০০২৮৭২৭২১ ত যোগাযোগ কৰি অথবা ইউনাইটেড বেংকৰ একাউণ্ট নং ১০৮৫০১২৫০৮০১, আই এফ এছ চি কোড নং ইউটিবিআই০এমএছএমজি৬৫ আপোনাৰ সাহায্য প্ৰদান কৰিব পাৰে।