মুকালমুৱা, ৩১ অক্টোবৰঃ নলবাৰীৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ পাঁচ শতাধিক এআইইউডিএফৰ নেতা কৰ্মীয়ে কংগ্ৰেছত যোগদান কৰে৷ প্ৰাপ্ত তথ্য মতে, বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ মুকালমুৱাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত কংগ্ৰেছৰ যোগদান কাৰ্যসূচীত বৰক্ষেত্ৰীৰ কেবাখনো পঞ্চায়তৰ এআইইউডিএফৰ নেতা কৰ্মীয়ে কংগ্ৰেছত আনুষ্ঠানিকভাবে যোগদান কৰে৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ দলৰ বৰ্ষীয়ান নেতা ড০ ভূমিধৰ বৰ্মনৰ লগতে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতিসহ বহুকেইজন কংগ্ৰেছ নেতা যোগদান কাৰ্য্যসূচীত উপস্থিত থাকে৷ ভাষণ প্ৰসংগত ড০ ভূমিধৰ বৰ্মনে বিজেপি মিত্ৰজোঁট চৰকাৰে ৰাজ্যত প্ৰতিশ্ৰুতিৰ পৰিবৰ্তনহে আনিছে বুলি মন্তব্য কৰে৷ তেওঁ বিজিপি নেতৃত্বাধীন চৰকাৰক ৰাজ্যৰ জনসাধাৰণৰ আগত নাগালিমৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনায়৷