যোৰহাট, ১ নবেম্বৰঃ দেশৰ আগশাৰীৰ উদ্যোগপতি চাহ খেতিয়ক প্ৰয়াত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ সোঁৱৰণীত বৰুৱা এণ্ড এছ’চিয়েটছ গ্ৰুপে যোৰহাটৰ ৰ’টাৰী ক্লাৱৰ সহযোগত খ্ৰীষ্টিয়ান মেডিকেল হস্পিটেলত স্থাপন কৰা এইচ পি বৰুৱা মে’মৰিয়েল ডায়েলাইছিছ ইউনিটটো ইউনাইটেড বেংক অৱ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক তথা চিইঅ’ পৱন কুমাৰ বাজাজে উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত বাজাজে অসমৰ স্বাস্থ্যখণ্ডত ডায়েলাইছিছ ইউনিটটোৰ সংযোজনৰ জৰিয়তে সৰ্বসাধাৰণ লোক উপকৃত হ’ব বুলি মত ব্যক্ত কৰে। আনহাতে বিএণ্ডএৰ ভিজিটিং ধ্ৰুৱজ্যোতি দুৱৰাই গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পাছত যোৰহাটৰ লোকৰ সুবিধাৰ্থে এই ডায়েলাইছিছ ইউনিটটো স্থাপন কৰা হৈছে বুলি উল্লেখ কৰি দৰিদ্ৰ ৰোগীক ৰেহাই মূল্যত এই সুবিধা প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে। চিকিৎসক দীপক শৰ্মাৰ পৰিচালনাত অনুষ্ঠিত অনুষ্ঠানটোত উদ্যোগপতি প্ৰয়াত হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ ব্যক্তিত্ব সন্দৰ্ভত চমু বক্তব্য দিয়ে প্ৰবীৰ কুমাৰ দত্তই। উল্লেখ্য যে, বিএণ্ডএ কোম্পানীয়ে প্ৰায় ৩০ লাখ টকা ব্যয়ে সাপেক্ষে নিৰ্মাণ কৰা এই ইউনিটটোত একে সময়তে দুজন ৰোগীয়ে ডাইলাইছিছ কৰিব পাৰিব। অনুষ্ঠানটোত খ্ৰীষ্টিয়ান মিছন হস্পিতেলৰ ড০ চেনৰিতা চাংমা সিং, পবিত্ৰ কুমাৰ অশ্ৰু, ৰটাৰী ক্লাৱৰ দীপক দত্ত, অমৃত চাহেৱাল, ধ্ৰুৱজ্যোতি দুৱৰাকে প্ৰমুখ্য কৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি লগতে মিছন হস্পিতালৰ সমূহ কৰ্মকৰ্তা উপস্থিত থাকে।