কাজিৰঙা, ৩১ অক্টোবৰঃ কাজিৰঙা ভ্ৰমণলৈ আহিল সপত্নী চেক গণৰাজ্যৰ ৰাষ্ট্ৰদূত মিলান হৰভোকা আৰু ৰুচ অভিনেত্ৰী চাৰা৷ মঙলবাৰে পুৱা কাজিৰঙাত হাতী চাফাৰী কৰি উৎফুল্লিত হৈ পৰে দুয়োগৰাকী বিদেশী পৰ্যটক৷ সোমবাৰে সন্ধিয়া কাজিৰঙাত উপস্থিত হৈ বিদেশী অতিথি দুগৰাকীয়ে অসমৰ থলুৱা সংস্কৃতি উপভোগ কৰাৰ লগতে নৃত্য গীতত অংশ লয়৷ মূৰত গামোচা পাগ মাৰি ঢোলত চাপৰো দিয়ে চেক গণৰাজ্যৰ ৰাষ্ট্ৰদূত মিলানে৷ আনহাতে প্ৰথমবাৰ কাজিৰঙালৈ অহা চাৰাই অসমৰ কলা সংস্কৃতিৰ ভূয়সী প্ৰশংসা কৰি এয়া এক সুন্দৰ অভিজ্ঞতা বুলি মন্তব্য কৰে৷ চাৰাই উল্লেখ কৰা মতে শ্বাহৰুখ খান তেওঁৰ প্ৰিয় অভিনেতা৷ কাজিৰঙাৰ নৈসর্গিক পৰিবেশ উপভোগ কৰি উৎফুল্লিত হৈ পৰা চাৰায়ে চেক গণৰাজ্যৰ লগত কাজিৰঙাৰ পৰ্যটন সম্পৰ্ক গঢ়ি তোলাৰ কাৰণে চেষ্টা কৰাৰ কথা সদৰি কৰে৷