আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৪ ডিচেম্বৰ

“কা” বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী। শিৱসাগৰৰ দলমুখ চাৰিআলিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰা আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত ৰূপায়ন কৰা এই মানৱ শৃংখল কাৰ্যসূচীত সংগঠনটোৰ শতাধিক সদস্যই অংশগ্ৰহণ কৰে। সংগঠনটোৰ বিষয়ববীয়া সকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰক, নৰেন্দ্ৰ মোদী হুচিয়াৰ, আৰ এছ এছ হুচিয়াৰ, বিজেপি হুচিয়াৰ, অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। বৃহস্পতিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এই “কা” বিৰোধী আন্দোলন এসপ্তাসলৈকে অব্যাহত থাকিব বুলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদস্যসকলে সংবাদ মাধ্যমক জানিবলৈ দিয়ে। তদুপৰি এই আন্দোলন অসমৰ প্ৰতিটো গাঁও আৰু চহৰৰ জনতাক লৈ অব্যাহত থাকিব।

অসমৰ জনগণৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে কোনো কাৰণতেই “কা”‘ বলৱৎ হোৱাটো স্বীকাৰ নকৰে বুলি স্পষ্ট কৰি দিয়ে প্ৰতিবাদকাৰী সকলে। উল্লেখ্য যে, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বৃহস্পতিবাৰে ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰাৰ লগতে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।