ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ৯ ডিচেম্বৰঃ  তিনিচুকীয়া জিলা বৰডুমচা থানা অন্তৰ্গত মৃদুল কুমাৰ ভট্টাচাৰ্জীৰ কুনাপথাৰ চাহ বাগিচাত কিছুদিন পূৰ্বে আলফাৰ মেজৰ অৰুণউদয় অসমৰ স্বাক্ষৰ থকা পত্ৰত ৪০ লাখ টকা বিচাৰি ধন দাবী কৰিছিল। কিন্তু এই ধন নোপোৱাত শুক্ৰবাৰে নিশা প্রায় ৭:৪৫ মান বজাত সন্দেহজনক আলফায়ে বাগিচাৰ কাৰ্য্যালয়ত লক্ষ্য কৰি ১৫ জাই গুলি বর্ষণ কৰে। বাগিচাৰ কাৰ্য্যালয়ত লক্ষ্য কৰি গুলি বৰ্ষণ কৰাৰ ঘটনাৰ আঁৰত আলফাৰ সদস্য জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। গুলি বৰ্ষন কৰিয়ে আলফাৰ দলটো গভীৰ বনাঞ্চললৈ পলাই যায় যদিও আৰক্ষী আৰু সেনা বাহিনীৰ দলে সমগ্ৰ ঘটনা পৰিদৰ্শন কৰি গুলি বর্ষণৰ লগত জড়িত আলফাৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰে। উল্লেখ্য যে, তিনিচুকীয়া জিলাৰ কেইবাখনো চাহ বাগিচাকে ধৰি বিভিন্ন ব্যক্তিক আলফায়ে যোৱা কিছুদিন ধৰি ধনদাবী কৰি আছে। শুক্ৰবাৰে নিশা তিনিচুকীয়াত হোৱা এই গুলি বর্ষণৰ ঘটনাই অসম আৰক্ষীৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে আৰু এই ঘটনাই পুনৰ প্ৰমাণ কৰিছে যে আলফাৰ শক্তি সম্পূৰ্নৰূপে শেষ হৈ যোৱা নাই। বৰ্তমান এই ঘটনাই সমগ্ৰ জিলাখনত এক আতংকৰ সৃষ্টি কৰিছে।