গুৱাহাটী, সংবাদ ৩৬৫, ২ জুন : কেন্দ্রৰ মোডী চৰকাৰৰ ছয় বছৰীয়া বৰ্ষপুৰ্তি উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীৰ ওচৰত দাঙি ধৰা সফলতাৰ খতিয়ানৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে। প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে এক সংবাদমেলত কেন্দ্ৰৰ মোডী চৰকাৰক তীব্ৰ আক্ৰমণ কৰে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে দেশবাসীৰ ওচৰত দাঙি ধৰা মোডী চৰকাৰৰ সফলতাৰ খতিয়ানৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় “যোৱা ছয় বছৰত সমগ্র দেশত গণতন্ত্রৰ বিপন্ন হৈছে। সমগ্র দেশতে বিৰোধীৰ কণ্ঠ ৰোধৰ অপচেষ্টা চলিছে। অসমতো অখিল গগৈ আৰু তেওঁৰ সতীর্থ সকলৰ লগতে দিল্লীতো অসম কন্যা দেৱাংগনা কলিতাক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাটো হৈছে বিজেপি চৰকাৰৰ অগণতান্ত্রিক আৰু হঠকাৰী সিদ্ধান্তৰ উদাহৰণ। দেশত সম্প্ৰতি সাম্প্ৰদায়িক আৰু ঘৃণাৰ ৰাজনীতিৰ প্ৰয়োভৰ হৈছে। দেশ একনায়কত্ববাদী শাসনৰ দিশে গতি কৰিছে। সকলো ক্ষেত্রতে দেশ প্ৰগতিৰ পথত যোৱাৰ পৰিৱর্তে অধোগতিৰ দিশেহে ধাৱবান হৈছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় “মোডীৰ ওপৰত গভীৰ আস্থা প্ৰকাশ কৰি দেশৰ জনগণে তেওঁলোকক দুবাৰকৈ দেশৰ শাসনৰ বাঘজৰী অৰ্পণ কৰিছিল। কিন্তু, যোৱা ছয় বছৰত দেশৰ জনগণক মাথো তেওঁলোকে বিশ্বাসঘাত আৰু প্ৰতাৰণাহে কৰিলে। যিবিলাক প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল সেই সমূহৰ কথা এতিয়া বিজেপিয়ে নকয়। বিজেপিয়ে এতিয়া ‘কা’, অনুচ্ছেদ ৩৭০, ৰাম মন্দিৰ, তিনি তালাক এইবিলাক কথাহে সফলতাৰ খতিয়ান বুলি জাহিৰ কৰিছে। দেশৰ অর্থনীতি, নিবনুৱা সংস্হাপন, কৃষকৰ সমস্যা আদি বিষয়ৰ কথা নোকোৱা হ’ল বিজেপি। ইয়াৰ পৰা বুজা যায় যে মোডীৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহ নাটকবাজী আছিল। মোডী এজন প্ৰধানমন্ত্ৰী হিচাবে নহয়, নাট্যকাৰ হিচাবেহে পাকৈত। এই ছয় বছৰত কৰা সুদক্ষ অভিনয়ৰ বাবে তেখেতে অস্কাৰেই পাব লাগে।

মোডী চৰকাৰৰ দিনতে স্বাধীনতাৰ পাচত প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষ ইমান জটিল অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। কৰ’ণা মাথো অজুহাতহে। শ্ৰমিকসকলৰ দুৰ্দশাৰ দৃশ্য অতি কৰুণ। বিপদৰ সময়ত মোডী চৰকাৰে শ্ৰমিক সকলৰ প্ৰতি যি সহায় আৰু সহমৰ্মিতা দেখুৱাব লাগিছিল সেই ক্ষেত্ৰত চুড়ান্ত ব্যৰ্থ হৈছে মোডী চৰকাৰ। দেশ বিভাজনৰ পাচত প্ৰথম বাৰৰ বাবে দেশৰ জনগণ এনে অভিজ্ঞতাৰ সন্মুখীন হৈছে বুলিও মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

অসমৰ ক্ষেত্রতো প্ৰতিটো বিষয়তে মোডী চৰকাৰে অসমক চুড়ান্ত প্ৰতাৰণা কৰিছে বুলি মন্তব্য প্ৰকাশ কৰি প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় “মোডী-শ্বাহে কৈছে যে ‘কা’ আইন আনি তেওঁলোকে দয়া কৰিছে। য’ত নেকি এই আইনখনে দেশৰ ঐক্য আৰু সংহতিত চৰম আঘাত হানিছে। বিশেষকৈ অসমৰ বাবে এই আইন অতি ক্ষতিকাৰক। আজিৰ পৰিস্থিতিত মই অসমৰ মুখ্যমন্ত্রী আৰু বিত্তমন্ত্রীক সুধিব বিচাৰিছো যে যি সময়ত আমাৰ ৰাজ্যত লাখ লাখ নিবনুৱা আছেই, এতিয়া কৰ’ণাৰ বাবে বহিঃৰাজ্যৰ পৰাও কৰ্মহীন হৈ লাখ লাখ ল’ৰা-ছোৱালী ৰাজ্যলৈ ঘূৰি আহিছে। নিবনুৱা সমস্যাই এক ভয়াৱহ ৰূপ ল’ব ধৰিছে। বান আৰু গৰাখহনীয়াৰ ভীষণ প্ৰকোপ আছেই। এই জটিল সময়ত নিজৰ নাগৰিকৰ নিৰাপত্তা আৰু সংস্হাপনৰ ক্ষেত্রত গুৰুত্ব দিবনে নে ‘কা’ ৰ অচিলা লৈ বিদেশীৰ নিৰাপত্তা আৰু সংস্হাপনত চৰকাৰে গুৰুত্ব প্রদান কৰিব। লক ডাউনৰ সময়ত বহিঃৰাজ্যত থকা অসমৰ শ্ৰমিক সকলক উভতাই আনিবলৈ থেৰো গেৰো কৰা বিত্তমন্ত্রী আৰু মুখ্যমন্ত্রীয়ে কি যুক্তিত বিদেশীক আদৰিবলৈ বিচাৰে সেইয়াহে ডাঙৰ প্ৰশ্ন?” কেন্দ্রৰ বিজেপি চৰকাৰে ‘কা’ৰ জয়ঢোল কোবাইছে। অসমৰ মুখ্যমন্ত্রীয়ে স্পষ্ট কৰক যে আজিৰ পৰিস্থিতিত তেওঁ এই আইনৰ সপক্ষে আছে নে বিৰুদ্ধে আছে? চৰকাৰে যদি ভাবিছে যে অসমৰ জনগণে ‘কা’ পাহৰি গৈছে তেন্তে সেইয়া তেওঁলোকৰ ভুল। এটা কথা ঠিক যে কৰ’ণা মহামাৰীৰ বাবেহে ৰাইজে ‘কা’ৰ বিষয়টো তল পেলাই থৈছে। প্ৰয়োজনত ৰাইজৰ সহযোগত আমি পুনৰ ‘কা’ৰ বিৰুদ্ধে তীব্র প্রতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম।

অসমৰ এইখন চৰকাৰৰ দৰে মিছলীয়া চৰকাৰ দেখা নাই বুলি মন্তব্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে “ৰাজ্যৰ বনমন্ত্রীয়ে কয় যে দিহিং-পাটকাইত অবৈধ কয়লা খনন হোৱা নাই, ছিণ্ডিকেট হোৱা নাই আনহাতে কেন্দ্রীয় মন্ত্রীয়ে কয় কয়লা খনন চলি আছে। এই চৰকাৰৰ মন্ত্রীসকলে যোৱা চাৰিবছৰ সময় মাথো প্ৰপাগাণ্ডা কৰিয়েই কটালে। সকলো দিশতে এইখন চৰকাৰখন ব্যৰ্থ।পৰিৱর্তনৰ নামত চাৰিওফালে মাথো অবৈধ ছিণ্ডিকেট, দুৰ্নীতিৰ প্ৰয়োভৰ”।