ছয়গাঁও
১৩ ছেপ্টেম্বৰ

ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে দেওবাৰে ছয়গাঁৱৰ বৰাখাটস্থিত শ্ৰীশ্ৰী চতুৰ্ভুজ মন্দিৰৰ চৌহদৰ পকী দেৱালৰ কামৰ আধাৰ শিলা স্থাপন কৰে। অসম চৰকাৰৰ আনটাইদ ফাণ্ড ২০১৯-২০২০ৰ অধীনত নিৰ্মাণ হ’বলগীয়া কামৰ বাবে ২০ লক্ষাধিক টকাৰ আৱণ্টন দিয়া হয়।

আধাৰশিলা স্থাপনৰ পূৰ্বে মন্দিৰ পৰিচালনা সমিতিয়ে বিধায়ক গৰাকীক সম্বৰ্ধনা জনায়। ইয়াৰ পিছতে বিধায়গৰাকীয়ে ছয়গাঁও সমষ্টিত ৭০ টা নামঘৰক ২ লাখকৈ অনুদান দিয়াৰ লগতে ছয়গাঁও সমষ্টিত ১৬ হাজাৰ মহিলাক অৰুণোদয় আঁচনিয়ে সামৰি ল’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে। ছয়গাঁও সমষ্টিক জাকত জিলিকা কৰাৰ বাবে সকলো প্ৰচেষ্টা চলাই যাব বুলিও বিধায়ক গৰাকীয়ে মন্তব্য কৰে। আনহাতে চতুৰ্ভুজ মন্দিৰৰ সভাগৃহত গোটখোৱা ৰাইজৰ উদ্দেশ্যে ভাষণ প্ৰদান কৰি বিধায়ক গৰাকীয়ে ছয়গাঁও সমষ্টিত সাম্প্ৰদায়িকতাৰ কোনো স্থান নাই বুলিও কয়।

বিধায়ক গৰাকীয়ে অনাগত দিনত ছয়গাঁও সমষ্টিত উন্নয়ন কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰিব বুলিও মন্তব্য কৰে। তদুপৰি চতুৰ্ভুজ মন্দিৰৰ বৃহত এলেকাটো সুদীৰ্ঘ বছৰ ধৰি সুৰক্ষিত হৈ নথকাৰ পিচত আজিৰ পৰা ধৰ্মস্থান খনৰ উন্নয়নৰ দিশত এখোজ আগবঢ়া বুলি তেওঁ মন্তব্য কৰে ৷