গুৱাহাটী, সংবাদ ৩৬৫, ২৫ মে’ : ৪২৭ লৈ ৰাজ্যত বৃদ্ধি পালে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্তৰ সংখ্যা। সোমবাৰে পুৱাৰ ভাগতে ৰাজ্যত একেলগে বৃদ্ধি পালে ৩৫ জনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছ আক্রান্ত লোক। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিছে একেলগে ৩৫ জন লোক কভিড-১৯ কৰুণা ভাইৰাছত আক্রান্ত হোৱা বুলি।

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। একপ্ৰকাৰ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা। সোমবাৰে পুৱাৰ ভাগত একেলগে ৩৫ জনকৈ লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। পুৱা ৮.৫০ মিনিটত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰে একেলগে ৩৫ জন লোক আক্রান্ত হোৱাৰ কথা। আক্রান্ত লোক সকলৰ ভিতৰত ১৮ জন লোক গোলাঘাট জিলাৰ, ৬ জন কোকৰাঝাৰ কোৱাৰেইণ্টাইন কেন্দ্ৰৰ, ৫ জন লোক কৰিমগঞ্জ জিলাৰ, ২ জন লোক তিনিচুকীয়া জিলাৰ, ২ জন লোক শিৱসাগৰ জিলাৰ, ১ জন লোক যোৰহাট জিলাৰ আৰু ১ জন লোক ধেমাজি জিলাৰ। নতুনকৈ ৩৫ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাত ৰাজ্যত আক্রান্তৰ সংখ্যা ৪২৭ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৫৭ জন লোক সুস্থ হৈ উঠাৰ পৰিবৰ্তে ৩৬৩ জন লোক চিকিৎসাধীন হৈ আছে। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত ৪ জন লোকৰ মৃত্যু হৈছে আৰু ৩ জন লোক বহিঃৰাজ্যলৈ ঘুৰি গৈছে।

উল্লেখ্য যে, প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা বহু লোক বাছ, ৰে’ল আৰু ব্যক্তিগত বাহন যোগে আহি ৰাজ্যৰ বিভিন্ন প্ৰান্তত উপস্থিত হৈ আছে। বহিঃৰাজ্যৰ পৰা অহা লোক সকলক স্বাস্থ্য পৰীক্ষা কৰি কোৱাৰেইণ্টাইন কেন্দ্ৰ সমূহত কোৱাৰেইণ্টাইন কৰা হৈছে।