বাক্সা
১৯ ছেপ্টেম্বৰ

মোবাইল ফোনে কাল হ’ল এগৰাকী কিশোৰীৰ। মোবাইল ফোনৰ বাবে ঘাতক পিতৃৰ হাতত প্ৰাণ হেৰুৱালে ১৫ বছৰীয়া কিশোৰী। পিতৃয়ে নিজ হাতে কন্যাক হত্যা কৰি হত্যাকাণ্ডৰ ৰূপ দিয়াৰ চেষ্টা।

যোৱা ১৩ চেপ্তেম্বৰত দিন দুুুুপৰতে বাক্সা জিলাৰ ১ নং সোণাপুৰত সংঘটিত হৈছিল এক জঘন্য হত্যাকাণ্ড৷ ডিঙি কটা অৱস্থাত ঘৰৰ ভিতৰতে উদ্ধাৰ হৈছিল শ্যামল ব্ৰহ্মৰ কন্যা ৰিংখাং ব্ৰহ্মৰ মৃতদেহ৷ কন্যাৰ হত্যাকাণ্ডৰ লগত প্ৰাক্তন প্ৰেমিক জৰিত থকা বুলি আৰক্ষীক অভিযোগ দিছিল কিশোৰী গৰাকীৰ পিতৃৃ শ্যামল ব্ৰহ্মই৷ পিচে বাক্সা আৰক্ষীৰ নেৰানেপেৰা তদন্তত শনিবাৰে পোহৰলৈ আহিছে ১৫ বছৰীয়া কিশোৰী গৰাকীৰ হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য। ১নং সোণাপুৰৰ নিজ বাসগৃহত সেইদিনা কিশোৰী গৰাকী ঘৰত অকলে আছিল। অনবৰতে মোবাইল ফোনত ব্যস্ত থকা কিশোৰী গৰাকী পিতৃ শ্যামল ব্ৰহ্মৰ কোনো কথাতে গুৰুত্বৰ প্ৰদান নকৰাকলৈ ক্ষুন্ন হৈ পিতৃ শ্যামল ব্ৰহ্মই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰিছিল কিশোৰী গৰাকীক৷ ইতিমধ্যে সমস্ত ঘটনা শ্যামল ব্ৰহ্মই আৰক্ষীৰ ওচৰত স্বীকাৰ কৰা বুলি জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও ডংগলে জানিব দিয়ে। কিশোৰী গৰাকীৰ হত্যাকাণ্ডৰ লগত পিতৃৰ সৈতে আন কোনোৱা লোক জড়িত আছে নে নাই সেই বিষয়েও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। ইফালে কন্যা হত্যাৰ অপৰাধত জড়িত থকাৰ কথা স্বীকাৰ কৰাৰ পিছত আৰক্ষীয়ে শ্যামল ব্ৰহ্মক গ্ৰেপ্তাৰ কৰাৰ পিছতে ক্ষুন্ন হৈ পৰে ১ নং সোণাপুৰ গাঁৱৰ ৰাইজ৷ মিছা অপৰাধী সজাই আৰক্ষীয়ে নিহত ৰিংখাং ব্ৰহ্মৰ পিতৃক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে গাঁৱৰ ৰাইজে।

কন্যাক হত্যা কৰা বুলি স্বীকাৰ কৰাৰ কাৰনে আৰক্ষীয়ে শ্যামল ব্ৰহ্মক হেচাঁ প্ৰয়োগ কৰা বুলিও অভিযোগ কৰে স্থানীয় ৰাইজে। মিছা অপৰাধী সজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰিংখাং ব্ৰহ্মৰ পিতৃ শ্যামল ব্ৰহ্ম হত্যাকাণ্ড সংঘটিত হোৱাৰ দিনা গাঁৱত দিন হাজিৰা কৰি থকাৰ প্ৰমান দাঙি ধৰে একাংশ স্থানীয় লোকে৷