গুৱাহাটী, সংবাদ ৩৬৫, ২৩ মে’ : শনিবাৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিছে এক ভয়ংকৰ খবৰ। স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে টুইট যোগে জানিবলৈ দিয়ে ৰাজ্যত একেলগে ৫৩ জনকৈ লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ কথা। আক্রান্ত সকলৰ ভিতৰত ৪৪ জন মহানগৰী গুৱাহাটীৰ সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰৰ।

ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পাইছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। একপ্ৰকাৰ প্ৰতিদিনে ৰাজ্যত বৃদ্ধি পাইছে আক্রান্তৰ সংখ্যা। শনিবাৰে বাতৰি লিখা সময়লৈকে ৰাজ্যত একেলগে ৫৩ জনকৈ লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। দুপৰীয়া প্ৰায় ১.৪০ মিনিটত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰে একেলগে ৫৩ জন লোক আক্রান্ত হোৱাৰ কথা। আক্রান্ত লোক সকলৰ ভিতৰত ৪৪ জন লোক মহানগৰী গুৱাহাটীৰ সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰৰ, ৭ জন লোক ডিমা হাছাওৰ আৰু ২ জন লোক কাছাৰ জিলাৰ। নতুনকৈ ৫৩ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাত ৰাজ্যত আক্রান্তৰ সংখ্যা ৩১৯ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৫৪ জন লোক সুস্থ হৈ উঠাৰ পৰিবৰ্তে ২৫৮ জন লোক চিকিৎসাধীন হৈ আছে। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত ৪ জন লোকৰ মৃত্যু হৈছে আৰু ৩ জন লোক বহিঃৰাজ্যলৈ ঘুৰি গৈছে।

উল্লেখ্য যে, প্ৰতিদিনে বহিঃৰাজ্যৰ পৰা বহু লোক বাছ, ৰে’ল আৰু ব্যক্তিগত বাহন যোগে আহি গুৱাহাটীত উপস্থিত হৈ আছে। বহিঃৰাজ্যৰ পৰা অহা লোক সকলক স্বাস্থ্য পৰীক্ষা কৰি সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰত কোৱাৰেইণ্টাইন কৰা হৈছে। শুকুৰবাৰেও ৰাজ্যত ৪৯ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল।