জাগীৰোড, সংবাদ ৩৬৫, ৮ ফেব্ৰুৱাৰীঃ  মধ্য অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডত বৃহস্পতিবাৰে এটি সাত বছৰীয়া কন্যা শিশুৰ মৃতদেহ উদ্ধাৰ হোৱাত সমগ্ৰহ অঞ্চটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। বুধবাৰৰ পৰা নিৰুদেশ হৈ থকা কন্যা শিশুগৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে পুৱা কোনো দুৰ্বৃত্তই শিশুগৰাকীৰ নিজাপাৰস্থিত বাসগৃহৰ সন্মুখত পেলাই যায়। উল্লেখ্য যে জাগীৰোডৰ শৈলেন্দ্ৰ প্ৰসাদৰ সাত বছৰীয়া কন্যা তথা জাগীৰোড হিন্দী স্কুলৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী সীমা দেৱী বুধবাৰৰ পৰা নিৰুদেশ হৈ আছিল। আৰক্ষীয়ে সন্দেহ কৰা মতে কোনো দুৰ্বৃত্তই কন্যা শিশুগৰাকীক অপহৰণ কৰি হত্যা কৰিছে। মৃত্য শিশুগৰাকীৰ শৰীৰত কেইবাটাও আঘাত চিন পোৱা গৈছে। আৰক্ষীয়ে শিশুগৰাকীৰ মৃতদেহ মাৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি অনুসন্ধান আৰম্ভ কৰিছে। জাগীৰোডৰ এই ঘটনাই পুনৰ অসম আৰক্ষীৰ সুৰক্ষা ব্যৱস্থাৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। এই কৰুণ ঘটনাই জাগীৰোডবাসীক মৰ্মান্তিক কৰি তুলিছে।