গুৱাহাটী

৮ জুলাই

ৰাষ্ট্রীয় উদ্যান অথবা অভয়াৰণ্যৰ কাষৰীয়া অঞ্চল নহয়, গুৱাহাটী মহানগৰীৰ মাজমৰিয়াত শনিবাৰ চলিল বনৰীয়া গাহৰিৰ সন্ত্ৰাস। মহানগৰীৰ আমবাৰী অঞ্চলত দিনটো সন্ত্ৰাস চলালে বনৰীয়া গাহৰিয়ে। গাহৰিৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হ’ল চাৰি জনকৈ লোক।

গুৱাহাটীৰ আমবাৰীস্থিত গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত শনিবাৰে সন্ত্ৰাসৰ সৃষ্টি কৰে এটা বনৰীয়া গাহৰিয়ে। বনৰীয়া গাহৰিটোৱে প্ৰেছ ক্লাৱৰ কাষত থকা পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলী আৰু গুৱাহাটী প্ৰেছ ক্লাৱৰ চাফাই কর্মী ৰাজেন্দ্ৰ বাসৱক প্ৰথমে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। বনৰীয়া গাহৰিটোৱে প্ৰথমে পুৰাতত্ব বিভাগৰ কার্যলয়ৰ চৌহদত প্ৰৱেশ কৰি পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলীক আক্ৰমণ কৰে। ইয়াৰ পিছতে বনৰীয়া গাহৰিটোৱে প্ৰেছ ক্লাৱৰ চাফাই কর্মী ৰাজেন্দ্ৰ বাসৱক আক্ৰমণ কৰে। পৰৱৰ্তী সময়ত গাহৰিটোৱে আৰু দুজন লোকৰ ওপৰত আক্ৰমণ চলাই আঘাতপ্ৰাপ্ত কৰে। গাহৰিটোৰ আক্ৰমণত পুৰাতত্ব বিভাগৰ কৰ্মচাৰী মুকলেশ আলী আৰু প্ৰেছ ক্লাৱৰ চাফাই কর্মী ৰাজেন্দ্ৰ বাসৱক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে।

সমগ্ৰ আমবাৰী অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা বনৰীয়া গাহৰিটোক উদ্ধাৰ কৰিবলৈ বন বিভাগে বহু সময় ধৰি চেষ্টা চলাইও বিফল হয়। পিছত বনৰীয়া গাহৰিটো স্থানীয় কিছুমান লোকৰ আক্ৰমণত নিহত হয়। এতিয়া প্ৰশ্ন হ’ল মহানগৰী গুৱাহাটীত বনৰীয়া গাহৰি আহিল কৰ পৰা? বন বিভাগ আৰু স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে, বানপানীৰ সময়ত গাহৰিটো ব্ৰহ্মপুত্ৰ নদীত উটি আহি গুৱাহাটীত প্ৰৱেশ কৰিছিল।