গুৱাহাটী, সংবাদ ৩৬৫, ১৮ এপ্ৰিলঃ উজনিৰ পৰা নামনীলৈকে ৰাজ্যবাসী এতিয়া ৰঙালী বিহু উদযাপনত ব্যস্ত। ৰঙালীৰ বতৰত বুধৱৰৰ পৰা আৰম্ভ হৈছে দেউৰী সকলৰ বিচু উৎসৱ৷ অসমৰ বিভিন্ন প্ৰান্তত থকা দেউৰী জনগোষ্ঠীৰ লোকসকলে বহাগৰ প্ৰথমটো বুধবাৰৰ পৰা পালন কৰে বিচু অৰ্থাৎ বিহু ৷ গুৱাহাটী মহানগৰীত বাস কৰা দেউৰী জনগোষ্ঠীৰ লোকসকলেও বৃহত্তৰ দেউৰী জাতীয় মঞ্চৰ সৌজন্যত সোনাইঘূলিত বুধৱৰৰ পৰা পালন কৰিছে বিচু উৎসৱ৷ গ্ৰাম্যজীৱনৰ নিভাঁজ পৰিৱেশৰ বিপৰীতে মহানগৰীত উদযাপন কৰা বিচু উৎসৱত পৰম্পৰাগত সাজ পৰিধান কৰি শিশুৰ পৰা আবাল বৃদ্ধবনিতালৈকে সকলোৱে বিচু মাৰিলে এপাক । দেউৰী ভাষাত বিহুক বিচু বুলি কোৱা হয় আৰু দেউৰী জনগোষ্টীৰ লোক সকলে বিচু উৎসৱৰ প্ৰথমদিনা পুৱাৰ ভাগত ইষ্ট দেৱতাক পূজা কৰি বছৰটো কুশলে যোৱাৰ কামনা কৰে৷ দেউৰী জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰা বিচু প্ৰায় এসপ্তাহ ধৰি পালন কৰাৰ পিচত বিচু উৰুৱা প্ৰথাৰে সামৰণি পৰিব এই উৎসৱৰ৷ বুধবাৰৰ পৰা আৰম্ভ হোৱা বিচু উৎসৱক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেউৰী লোকসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ উদ্দীপনা৷