কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ১৯ এপ্ৰিলঃ অসমৰ ভিতৰত সৰ্বাধিক নহৰু উৎপাদন কৰা অঞ্চল হিচাপে পৰিচিত বৰপেটা জিলাৰ গাগলমাৰী, কান্দাপাৰা, লুৰফুৰিয়া, মেধেৰটাৰী, গৰৈমাৰিৰ নহৰু খেতিয়ক সকলৰ অৱস্থা বৰ্তমান পানীত হাঁহ নচৰা হৈছে। সম্প্ৰতি জিলাখনৰ নহৰু খেতিয়ক সকলে বজাৰত নহৰুৰ উচিত মূল্য নোপোৱাত পানীৰ দৰত বিক্ৰী কৰিব লগা হৈছে নহৰু। উচিত মূল্য নোপোৱাত খেতিয়ক সকলে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা নহৰু এতিয়া খেতি পথাৰতে পচিবলৈ ধৰিছে। নহৰুৰ উচিত মূল্য নোপোৱাৰ ফলত খেতিয়ক সকলে শ্ৰমিকৰ মজুৰি দিবলৈ অসমৰ্থ হোৱাৰ লগতে উৎপাদিত নহৰু পথাৰ নাইবা নদীৰ পাৰত পেলাই দিবলৈ বাধ্য হৈছে। জিলাখনৰ নহৰু খেতিয়ক সকলৰ এই সমস্যা সমাধান বাবে  বৰপেটাৰ গাগলমাৰীত চৰ চাপৰি সাহিত্য পৰিষদ বৰপেটা জিলা সমিতিৰ উদ্যোগত এখন ৰাইজ মেল অনুষ্ঠিত কৰা হয়।  উল্লেখ্য যে, নহৰু খেতিয়ক সকলে বিঘাই প্ৰতি ১৫ ৰ পৰা ২০ হেজাৰ টকা খৰচ কৰি ১০ ৰ পৰা ১৫ কুইণ্টল নহৰু উৎপাদন কৰিবলৈ সক্ষম হৈছে যদিও বজাৰত প্ৰতি কুইণ্টল নহৰুৰ মূল্য ৫০০ টকাৰ পৰা ৭০০ টকাত বিক্ৰী কৰিবলৈ হোৱাত খেতিয়ক সকলৰ বিঘাই প্ৰতি ১৫ হেজাৰৰ পৰা ২০ হেজাৰ টকাৰ লোকচান হৈছে। নহৰু খেতিয়ক সকল এই বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হোৱাৰ বাবে বৰ্তমান খেতিয়ক সকল আত্মহত্যা কৰিব লগাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰে নহৰু খেতিয়ক সকলৰ উৎপাদিত নেহৰুৰ মূল্য নিৰ্ধাৰণ নকৰাৰ বাবে কিছুমান মধ্যভোগীয়ে মুনাফা লাভ কৰি থকাৰ ফলত খেতিয়ক সকলক উচিত মূল্য লাভৰ পৰা বঞ্চিত হৈ আছে বুলি খেতিয়ক সকলে অভিযোগ কৰে। চৰকাৰে যদি অতি শীঘ্ৰে নেহৰুৰ মূল্য নিৰ্ধাৰণ কৰি চৰকাৰীভাৱে নহৰু কিনাৰ ব্যৱস্থা নকৰে তেন্তে অচিৰেই কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু চৰ চাপৰি সাহিত্য পৰিষদে তীব্ৰ আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি ভাবুকি প্ৰদান কৰিছে।