গুৱাহাটী, সংবাদ ৩৬৫, ২৩ জুন : মহানগৰী গুৱাহাটীৰ ১১ টা ৱাৰ্ডত যোৱা মাৰ্চ মাহত দেশজুৰি ঘোষণা কৰা প্ৰথম পৰ্যায়ৰ লক ডাউনত কৈ অধিক কঠোৰ লক ডাউন হ’ব। ৱাৰ্ড কেইটাত অনিৰ্দিষ্ট কালৰ বাবে লক ডাউন ঘোষণা কৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। এসপ্তাহৰ বাবে ১১ টা ৱাৰ্ডত পূৰ্ণ পৰ্যায়ৰ লক ডাউন ঘোষণা কৰিলে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

অসমত দিনক দিনে কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাবলৈ ধৰিছে। বিশেষকৈ মহানগৰী গুৱাহাটীত গণ সংক্ৰমণৰ ঘটানোও পৰিলক্ষিত হৈছে। গুৱাহাটীত কোনো ধৰণৰ ভ্ৰমণ ইতিসক নথকা লোক কৰ’ণা ভাইৰাছত আক্ৰমণ হোৱাৰ ঘটনাও দেখিবলৈ পোৱা গৈছে।

গুৱাহাটীত কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ হাৰ ব্যাপক হাৰত বৃদ্ধি হোৱাত গুৱাহাটীৰ ১১ টা ৱাৰ্ড কৰ’ণা ভাইৰাছৰ হটস্পট হিচাপে চিনাক্ত কৰি ৱাৰ্ড কেইটাত অনিৰ্দিষ্ট কাললৈ লক ডাউন ঘোষণা কৰা হৈছে। মঙলবাৰে নিশা ৯ বজা পৰা এই ১১ টা ৱাৰ্ডত লক ডাউন কাৰ্যকৰি হ’ব বুলি ঘোষণা কৰিলে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

মহানগৰীৰ লক ডাউন ঘোষণা কৰা ৱাৰ্ড কেইটা হৈছে ২ নং ৱাৰ্ড, ইয়াত অন্তৰ্ভূক্ত আছে ফেৰী ঘাট কলনী। ৩ নং ৱাৰ্ডত অন্তৰ্ভুক্ত আছে ৰেষ্ট কেম্প কলনী, ৱাটাৰ ৱৰ্কছ ৰেলৱে কলনী, টেম্পোল ঘাট কলনী, মালিগাঁও বৈৰীপাৰা, আদাবাৰী, আদাবাৰী ৰেলৱে কলনী, গ্ৰীণ পার্ক কলনী, আনন্দনগৰ আৰু মালিগাঁও অঞ্চল। ৪ নং ৱাৰ্ডত অন্তৰ্ভুক্ত আছে কামাখ্যা মন্দিৰ, কামাখ্যা কলনী অঞ্চল, পাণ্ডুনাথ বস্তি আৰু কালিপুৰ অঞ্চল। ৫ নং ৱাৰ্ডত অন্তৰ্ভুক্ত আছে মালিগাঁও ৰেলৱে কলনী ইষ্ট আৰু ৱেষ্ট, গতানগৰ ৰেলৱে কলনী ৱেষ্ট চেণ্ট্ৰেল আৰু ইষ্ট, গোচালা ৰেলৱে কলনী, দুৰ্গাসৰোবৰ আৰু শান্তিপুৰ আৰু ভূতনাথ।

৬ নং ৱাৰ্ডত লক ডাউন হ’বলগীয়া অঞ্চল সমূহ হৈছে ক্ৰমে ধীৰেণ পাৰা, গণেশপাৰা, মনাপাৰা, দতালপাৰা, কটাহবাৰী, গড়চুক আৰু জ্যোতিকুছি। ৭ নং ৱাৰ্ডত পৰিছে গতানগৰ, গতানগৰ এনচি, মালিগাঁও এনচি, ফটাশিল এনচি, দূর্গাসৰোবৰ, ফটাশিল আৰু ধীৰেণপাৰা হিল চাইড। ৮ নং ৱাৰ্ডৰ কুমাৰপাৰা, মাছখোৱা, আঠগাঁও আৰু ভৰলোমুখত লক ডাউন কৰা হ’ব বুলি জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে।

ইফালে ৯ নং ৱাৰ্ডৰ ছাত্ৰীবাৰী, কৃষ্ণনগৰ, টকৌবাৰী, ফাঁচী বজাৰ আৰু আঠগাঁও। ১০ নং ৱাৰ্ডৰ ফাঁচী বজাৰ,পানবজাৰ আৰু চলাপাৰা। ১৫ নং ৱাৰ্ডৰ বিষ্ণুপুৰ, নতুন বস্তি, বিমলা নগৰ, মহেন্দ্ৰ নগৰ, শংকাৰপুৰ আৰু ফটাশিল। শেষত ১৬ নং ৱাৰ্ডৰ ভাস্কৰ নগৰ, বর্ষাপাৰা, ধীৰেণপাৰা, আনন্দ নগৰ আৰু ৰংপথাৰত মঙলবাৰে নিশা ৯ বজাৰ পৰা লক ডাউন ঘোষণা কৰা হৈছে।

গুৱাহাটী মহানগৰীৰ এই ১১ টাকৈ ৱাৰ্ডত শেহতীয়া ভাৱে কোনো ভ্ৰমণ ইতিসক নথকা বহু লোক কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ ফলতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৱাৰ্ড কেইটাত লক ডাউন ঘোষণা কৰিছে। যোৱা মার্চ মাহত দেশজুৰি হোৱা প্ৰথম পৰ্যায় লক ডাউনত কৈ এই ১১ টা ৱাৰ্ডত অধিক কঠোৰ লক ডাউন হোৱাৰ ইংগিত দিছে উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

লক ডাউনৰ সময়ছোৱাত অঞ্চল কেইটাত থকা সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যলয় আৰু ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থকাৰ লগতে ৰাজহুৱা-ব্যক্তিগত বাহনৰ চলাচলো বন্ধ থাকিব। অঞ্চল কেইটাত ধৰ্মীয় আৰু ৰাজনৈতিক কাৰ্যসূচীতো সম্পূৰ্ণ বাধা থাকিব। অৱশ্যে লক ডাউন ঘোষণা কৰা অঞ্চল কেইটাত মুকলি থাকিব জৰুৰীকালীন সেৱা। গ্ৰছাৰী, ফলমূল দোকান, শাক-পাঁচলি, পশু খাদ্য দোকান সমূহ অঞ্চল কেইটাত পুৱা ১০ বজা পৰা আবেলি ৫ বজালৈহে খোলা থাকিব বুলিও জানিবলৈ দিয়ে জিলা উপায়ুক্ত গৰাকীয়ে।