মাজবাটৰ পৰা যতীন নাথ, সংবাদ ৩৬৫, ২৩ জুন : ওদালগুৰিৰ মাজবাটত পি এম ওৱাই ঘৰ দিয়াৰ নামত শতাধিক পৰিয়ালৰ পৰা ৩,২০০ টকাকৈ সংগ্ৰহ। বি পি এফ নেতাৰ ঘৰ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে বঞ্চিত দুখীয়া ৰাইজ।

ওদালগুৰি জিলাৰ মাজবাটৰ অন্তৰ্গত ৰৌতাগেট আৰু পাঠকপুৰ গাঁৱত মঙলবাৰে শতাধিক পুৰুষ-মহিলা ওলাই আহি পাঁচনৈ চেৰফাং ব্লক বি পি এফৰ এছ টি বোৰ্ডৰ সদস্য তথা প্ৰাক্তন কাৰ্যবাহী সদস্য শ্যাম চুণ্ডী আৰু মাজবাট সমষ্টিৰ বিধায়ক চড়ণ বড়োৰ ঘনিষ্ঠ দানেশ্বৰ ইছলাৰীৰ লগতে বি পি এফ কৰ্মী ৰহেণ দৈমাৰীৰ ঘৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। জানিব পৰা মতে ৩৯ নং পাঁচনৈ চেৰফাং বি টি চি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰৌতাগেট নিবাসী তথা উক্ত সমষ্টিটোৰ এছ টি বোৰ্ডৰ সদস্য দানেশ্বৰ ইছলাৰী আৰু পাঠকপুৰ নিবাসী ৰহেণ দৈমাৰীয়ে মাজবাট সমষ্টিৰ দহখন গাঁৱৰ প্ৰায় একশৰো অধিক দুখীয়া নিছলা পৰিয়ালৰ পৰা পি এম ওৱাই ঘৰ দিয়াৰ প্ৰতিশ্ৰুতিৰে প্ৰায় তিনি বছৰ পূৰ্বে ৩,২০০ টকাকৈ সংগ্ৰহ কৰিছিল। পৰিয়াল কেইটাৰ পৰা ধন সংগ্ৰহ কৰাৰ পিছতো আজিলৈকে ঘৰ লাভ নকৰাত পৰিয়াল কেইটা ক্ষোভিত হৈ পৰে। মঙলবাৰে প্ৰৱঞ্চিত পৰিয়াল কেইটা একগোট হৈ ওলাই আহি বি পি এফৰ প্ৰৱঞ্চক দানেশ্বৰ ইছলাৰী আৰু ৰহেণ দৈমাৰীৰ ঘৰ ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰৱঞ্চিত ৰাইজে আমাৰ টকা আমাক ঘুৰাই দিয়ক, বি পি এফৰ দালালী নছলিব , বি পি এফ গ’বেক আদি শ্লো’গানৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে।

ৰাইজৰ ৰুদ্ৰমূৰ্তী দেখি দানেশ্বৰ ইছলাৰীয়ে পোন্ধৰ দিনৰ ভিতৰত সকলোৰে ধন ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিয়াতহে ৰাইজ শান্ত হয়। ইফালে ৰাইজৰ ৰুদ্ৰমূৰ্তী দেখি প্ৰৱঞ্চক ৰহেণ দৈমাৰীয়ে ঘৰৰ পৰা পলায়ন কৰি ৰাইজৰ ক্ষোভৰ পৰা ৰক্ষা পৰে।