গুৱাহাটী, সংবাদ ৩৬৫, ১১ এপ্ৰিল: সমগ্ৰ বিশ্বত কৰ’ণা ভাইৰাছৰ তাণ্ডৱ অব্যাহত থকাৰ সময়তে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১২ এপ্ৰিলত এখন সৰ্বদলীয় সভা আহ্বান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে সোণোৱালৰ এই সিদ্ধান্তত সন্মতি প্ৰদান কৰি ধন্যবাদ জ্ঞাপন কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

সমগ্ৰ বিশ্বতে মাৰাত্মক কৰ’ণা ভাইৰাছ এক বিশ্বব্যাপী মহামাৰী ৰূপে থিয় দিছে। বিশ্বৰ কেইবাখনো দেশৰ লগতে ভাৰতত প্ৰায় ৭৬৮৪ জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পৰিবৰ্তে মৃত্যু হৈছে ২৫০ জন লোকৰ। অসমতো ২৯ জনকৈ লোক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱাৰ লগতে ১ জন লোকৰ মৃত্যু হৈছে। কৰ’ণা ভছিৰাছ বিৰোধী যুদ্ধৰ উদ্দেশ্যে আগত ৰাখি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে অহা ১২ এপ্ৰিলত এখন সৰ্বদলীয় সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই সিদ্ধান্তত সন্মতি প্ৰদান কৰাৰ লগতে উপস্থিত থকাৰ মন্তব্য প্ৰকাশ কৰিছে প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। বৰ্তমানৰ এই সংকটৰ সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে অসম চৰকাৰৰ চিকিৎসক, বিজ্ঞানী, অৰ্থনৈতিক বিশেষজ্ঞ, উদ্যোগী, চাহ উদ্যোগী, সৰু-সুৰা ব্যৱসায়ী, কৃষক, নিবনুৱা আদি সকলোৰে বাবে এক সকাহ দিব পৰা আঁচনি গ্ৰহণ কৰাৰ লগতে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰা আৰু অৰ্থনৈতিক সংকটৰ সমস্যাৰ ৰোধৰ কৰিব পৰাকৈ আঁচনি গ্ৰহণ কৰিবলৈ বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে। ইয়াৰ উপৰিও কেৰেলা চৰকাৰৰ কৰ্মৰাজিৰ ওপৰত মত প্ৰকাশ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে বিগত দিনত কেৰেলা চৰকাৰে যিদৰে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ লগতে অৰ্থনৈতিক সংকটৰ পৰা ৰক্ষা পাবৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে অনাগত দিনত অসমেও সেই একে ব্যৱস্থা গ্ৰহণ কৰা উচিত। ইয়াৰ লগতে কেৰেলা চৰকাৰে কৰ’ণা ভাইৰাছৰ ৰেপিড টেষ্টিংৰ ব্যৱস্থা কৰাৰ লগতে জনস্বাস্থ্যৰ সুবিধাসমূহ ৰাইজৰ মাজলৈ আগুৱাই দিয়াৰ লগতে প্ৰশাসনৰ নিয়ম নীতিসমূহ সম্পূৰ্ণৰূপে পালন কৰি কৃষি-শ্ৰমিকসকলক কামৰ সুবিধা দিয়াৰ লগতে বাগনসমূহ সম্পূৰ্ণৰূপে খুলি দিবলৈ অনুমতি প্ৰদান কৰাৰ কথা উল্লেখ কৰাৰ দৰে অসমেও সামাজিক দূৰত্ব বজাই ৰাখি কাৰ্য্য সমূহ আৰম্ভ কৰিবলৈ অনুমতি প্ৰদান কৰিব লাগে। ইয়াৰ ফলত আহিবলগীয়া দিনত কৃষক আৰু দৰিদ্ৰ শ্ৰেণীৰ লোকসকলেও অৰ্থনৈতিক সংকটৰ পৰা কিছু সকাহ পাব বুলি মন্তব্য প্ৰদান কৰে প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

উল্লেখযোগ্য যে অসমৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে যিহেতু অসমৰ সমস্যা সমূহ অন্য ৰাজ্যৰ তুলনাত কিছু পৃথক সেয়েহে চৰকাৰে অসমৰ বাবে বিশেষ ৰাজ্য ভিত্তিক আঁচনি গ্ৰহণ কৰিব লাগে। যিহেতু বাৰিষা দিন সমাগত আৰু অসমৰ জ্বলন্ত সমস্যা হৈছে বানপানী সেয়েহে অতি সোনকালে অসমৰ চিগা মাথাউৰি সমূহ নিৰ্মান কৰাটো দৰকাৰ অন্যথা পৰিস্থিতি আৰু বেয়ালৈ গতি কৰিব। ইয়াৰ লগতে অসম চৰকাৰে জনস্বাস্থ্যৰ লগতে অৰ্থনৈতিক দিশত ইতিবাচক প্ৰভাৱ পৰা কিছু কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসম চৰকাৰক জনস্বাস্থ্য আৰু অৰ্থনৈতিক দিশ দুইটাকে সমদৃষ্টি ৰাখি অনাগত দিনত যাৱতীয় কাম কৰিবলৈ আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।