হাটশিঙিমাৰী, সংবাদ ৩৬৫, ৯ মাৰ্চ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ পৰা প্ৰায় তিনি কিলোমিটাৰ নিলগত থকা ভাৰত-বাংলাদেশ সীমান্তৰ দ্বীপচৰত গ্ৰেপ্তাৰ এজন বাংলাদেশী নাগৰিক।ভাৰত-বাংলাদেশ সীমান্তৰৰ কাঁইটীয়া তাৰৰ বেৰৰ ওচৰৰ পৰা দেওবাৰে সন্ধিয়া বিএছএফৰ জোৱানে গ্ৰেপ্তাৰ কৰে বাংলাদেশী নাগৰিক জনক।

দক্ষিণ শালমাৰাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত দ্বীপচৰ বিএছএফ কেম্প এলেকাৰ কাঁইটীয়া তাৰৰ বেৰৰ ওচৰত দেওবাৰে বিএছএফৰ জোৱান সকলে এজন অচিনাকী ব্যক্তিক ফুৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰি বিএছএফৰ জোৱান সকলে ব্যক্তি জনক আটক কৰে। তদন্তৰ পিছত স্পষ্ট হয় যে বিএছএফয়ে আটক কৰা ব্যক্তি জন বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী থানাৰ অন্তৰ্গত ছাটকৰাইবাৰী গাঁৱৰ বাসিন্ধা নয়ন হুচেইন। বাংলাদেশী নাগৰিক জন অসমৰ পৰা গৰু নিয়াৰ উদ্দেশ্যে অসমলৈ আহিছিল বুলি জেৰাত স্বীকাৰ কৰে বাংলাদেশী নাগৰিক জনে।

বিএছএফে আটক কৰা বাংলাদেশী নাগৰিক জনক তদন্তৰ পিছত বিএছএফয়ে খাৰুৱাবান্ধা আৰক্ষীক গতাই দিয়ে। আৰক্ষীয়ে বাংলাদেশী নাগৰিক জনক সোমবাৰে হাটশিঙিমাৰী আদালতত হাজিৰ কৰে।