গুৱাহাটী, সংবাদ ৩৬৫, ১০ মাৰ্চ: কৰ’ণা ভাইৰাছৰ আতংকৰ মাজতে সমগ্ৰ দেশৰ লগতে ৰঙৰ উৎসৱ ফাকুৱা উদযাপনক লৈ ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে সকলো মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। ৰাজ্যৰ সৰ্বত্ৰে দৌল উৎসৱ উলহ মালহেৰে পালন কৰাৰ লগতে মহানগৰী গুৱাহাটীটো ৰাইজৰ মাজত ফাকুৱাক লৈ দেখা যায় হৰ্ষ-উল্লাস।

ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে মহানগৰীৰ ৰাজপথ সমূহত দেখা যায় এক ৰঙীন আৰু আনন্দময়ী পৰিবেশ। যুৱক, যুৱতীৰ লগতে শিশুসকল ৰাজপথলৈ ওলাই আহি ইজনে সিজনক ফাকু লগাই ফাকুৰ ৰঙেৰে ৰঙীন হৈ পৰে। মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰত ফ্রেণ্ডছ ক্লাৱে আয়োজন কৰা হোলী মহোৎসৱত মহানগৰীবাসী মিলিত হয় গানৰ তালে তালে নাচি, বতাহত ফাকুৱা উৰুৱাই হোলীৰ আনন্দত মতলীয়া হৈ পৰে। মহানগৰীৰ লগতে সত্ৰনগৰী মাজুলী আৰু বৰপেটাতো ফাকুৱাক লৈ উদুলি মুদুলী পৰিবেশ দেখিবলৈ পোৱা যায়। আনহাতে কৰ’ণা ভাইৰাছৰ আতংকত মহানগৰীৰ বিভিন্ন অঞ্চলত পূৰ্বৰ তুলনাত এইবাৰ কিছু কম পৰিমাণৰ লোক ৰাজপথলৈ ওলাই আহি ৰঙ খেলত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায় যদিও যুৱ প্ৰজন্মই হৰ্ষ-উল্লাসেৰে উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা।

উল্লেখ্য যে, কৰ’ণা ভাইৰাছ যাতে বিয়পিব নোৱাৰে ইয়াৰ বাবে কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে ৰাইজক গণসমাবেশৰ বিৰত থকাৰ পৰামৰ্শ প্ৰদান কৰিছে। কৰ’ণা ভাইৰাছৰ বাবে অসমত কাজিৰঙা মহোৎসৱ পিছুৱাই দিয়াৰ পৰিবৰ্তে স্থগিত ৰখা হৈছে ৩৩তম গুৱাহাটী গ্ৰন্থমেলা।