গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ: দৰং জিলাৰ উদমাৰী নামৰ এখন ভিতৰুৱা ঠাইৰ পৰা গৈ এণ্ড টিভিৰ ভইচ ইণ্ডিয়া কিডছ’ত প্ৰথম স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা মানসি চহৰীয়াৰ পিছত ধুবুৰী জিলাৰ জুলফিয়ে ৰাজ্যবাসীলৈ কঢ়িয়াই আনিলে অন্য এক গৌৰৱ। ধুবুৰী চহৰৰ ১১ নং ৱাৰ্ডৰ মোন্নাফ আলীৰ পুত্ৰ জুলফি সেখে গোৱাত অনুষ্ঠিত হোৱা “ৰু বা ৰু” মিষ্টাৰ ইণ্ডিয়া ২০১৮ ৰ মেঘা মডেল কংটেষ্টত চূড়ান্ত খিতাপ অর্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে “ৰু বা ৰু” মিষ্টাৰ ৱৰ্ল্ড প্ৰতিযোগিতাৰ বাবে নিৰ্বাচিত হৈছে। বলিউডৰ চুপাৰ ষ্টাৰ ঋত্বিক ৰৌশ্বনক অনুকৰণ কৰি বলিউডলৈ মন মেলা জুলফি ইতিমধ্যে কেইবাখনো অসমীয়া এলবামত অভিনয় কৰাৰ লগতে ছনি টিভি আৰু কালাৰ্চ টিভিৰ কেইবাখনো চিৰিয়ালত অভিনয় কৰিছে। ২০১৩ চনত অনুষ্ঠিত হোৱা মিষ্টাৰ নৰ্থ ইষ্ট প্ৰতিযোগিতাত ৰানাৰ্চ আপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল ধুবুৰীৰ মডেল জুলফিয়ে।