গুৱাহাটী, সংবাদ ৩৬৫, ১২ মাৰ্চ: হাড়গিলা আৰ্মিৰ সৃষ্টিকৰ্তা প্ৰকৃতি প্ৰেমী পূৰ্ণিমা দেৱী বর্মনে ২০১৭ চনৰ ৰাষ্ট্ৰপতি নাৰী শক্তি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। পৃথিৱীৰ পৰা ক্ৰমাৎ নাইকীয়া হবলৈ ধৰা হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনে গ্ৰহণ কৰা পদক্ষেপৰ বাবে এইগৰাকী প্ৰকৃতি প্ৰেমী নাৰীক ২০১৭ চনৰ নাৰী শক্তি হিচাপে চিহ্নিত কৰি দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কবিন্দে প্ৰদান কৰিছে নাৰী শক্তি বঁটা। পূৰ্ণিমা দেৱী বৰ্মনৰ লগতে দেশৰ ৩০ গৰাকী মহিলাক বিভিন্ন ক্ষেত্ৰত তেওঁলোকে প্ৰদান কৰা অৰিহণাৰ বাবে ২০১৭ ৰ নাৰী শক্তি বঁটা প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বেও পূৰ্ণিমা দেৱী বৰ্মন গ্ৰীন অস্কাৰ নামৰ এক আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে, পৃথিৱীৰ পৰা ক্ৰমাৎ বিলুপ্ত হবলৈ ধৰা হাড়গিলাক সংৰক্ষণ কৰাৰ উদ্দেশ্যে পূৰ্ণিমা দেৱী বৰ্মন মহানৰীৰ সমীপৱৰ্তী দদৰাত স্থানীয় মহিলা সকলক লগত লৈ হাড়গিলা আৰ্মিৰ গঠন কৰিছিল। মহিলাৰে গঠিত এই হাড়গিলা আৰ্মীয়ে জন্মৰে পৰা হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। হাড়গিলা আৰ্মিৰ প্ৰচেষ্টাত ৰাজ্যত হাড়গিলাৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত ৰাইজ সজাগ হৈছে। সমগ্ৰ বিশ্বতে হাড়গিলাৰ সংখ্যা ১২০০ পৰা ১৮০০ ভিতৰত থকা বুলি জানিব পৰা গৈছে আৰু ইয়াৰে প্ৰায় ৮০০ হাড়গিলা অসমত আছে।