চৰাইদেউ, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : চৰাইদেউ জিলাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছ আৰু বিজ্ঞান প্ৰযুক্তি বিভাগৰ উদ্যোগত আৰম্ভ হয় বিজ্ঞান চেতনা । ৭ জানুৱাৰীৰ পৰা আৰম্ভ হয় এই চেতনা যাত্ৰা।

চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু শদিয়া আৰক্ষী জিলাত মানুহে মানুহৰ বাবে নামেৰে এলানি বিজ্ঞান সজাগতা, মানৱতা আৰু বিশেষকৈ শান্তি সম্প্ৰিতিৰ হকে অনুষ্ঠিত কৰা হয় উক্ত কাৰ্যসূচী ।

অন্ধবিশ্বাস বিৰোধী নেতা, মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজোতি শইকীয়াই উক্ত কাৰ্য্যসূচীত বিশ্লেষণাত্মক ভাষণ আগবঢ়ায়।

মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে –
গাওঁৰ প্ৰতিজনলোকক গাওঁৰক্ষী বাহিনী, মহিলা সমিতি আদিয়ে যিহেতু নেতৃত্ব প্ৰদান কৰে তেনে ক্ষেত্ৰত এই জিলা পৰ্যায়ৰ তথা গাওঁৰ নেতা সকলে বুজিব আৰু জানিব লাগিব কোনটো কি, ভাল কোনটো বেয়া কোনটো? সকলো জানি বুজিহে আমি সৰ্বসাধাৰণক নেতৃত্ব দিয়া উচিত।

উক্ত কাৰ্যসূচীৰ লগতে সংগতি ৰাখি এখন বাটৰ নাট, চুটি ছবি ‘আলৌকিকতাৰ আৰঁৰ বিজ্ঞান’ আদিৰ প্ৰদৰ্শন কৰা হয়।