গুৱাহাটী, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : “কা”ৰ বিৰোধী আন্দোলনত গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিতু সোনোৱাল সহ সমগ্ৰ আন্দোলনটোতে গ্ৰেপ্তাৰ কৰি কাৰাবন্দী কৰাসকলক বিনাচৰ্তে মুক্তি দিবলৈ আৰু গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত বিজেপি চৰকাৰে চলোৱা দমন-উৎপীড়ন বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ১৪ জানুৱাৰীৰ দিনৰ ১১ বজাৰ পৰা ১৫ জানুৱাৰীলৈ ২৪ ঘণ্টীয়া ৰাজ্যজোৰা অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰে।

ভোগালী বিহুৰ উৰুকাৰ দিনা অনশনৰ কাৰ্যসূচী ৰূপায়ণ কৰি সংগঠটোৱে দাবী উত্থাপন কলি কয় যে- জাতিধ্বংসী “কা” বাতিল কৰিবই লাগিব ।অসমবাসীৰ প্ৰতিবাদক গুৰুত্ব নিদি যদি স্বৈৰাচাৰী ভাবে কা জাপি দিয়ে তেন্তে বিজেপি -আৰ এছ এছে অসমবাসীৰ প্ৰত্যাহ্বানৰ সম্মুখীন হবলৈ সাজু হৈ থাকক। কা বিৰোধী আন্দোলনত ভৰিৰ তলৰ মাটি হেৰুওৱা বিজেপি চৰকাৰে এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে । কেন্দ্ৰ-ৰাজ্যৰ চৰকাৰৰ ষড়যন্ত্ৰমূলক গোচৰ এতিয়া অখিল গগৈ, ধৈৰ্য্য কোঁৱৰ, বিতু সোনোৱাল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্হা নিয়া’ৰ গোচৰত কাৰাবন্দী । অন্যহাতে অসম আৰক্ষীৰ ভুৱা গোচৰত বঙাইগাওঁ জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি মহিধৰ ৰায়,সম্পাদক নন্দন দেৱনাথ,সাংস্কৃতিক সম্পাদক শৈলেন দাস আৰু গুৱাহাটীৰ কামৰূপ জিলা সমিতিৰ আকাশ দলে কাৰাবন্দী হৈ আছে ।

কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সকলো ভুৱা গোচৰ প্ৰত্যাহাৰ কৰি বিনাচৰ্তে সতীৰ্থ সকলৰ মুক্তিৰ দাবী উত্থাপন কৰে। তদুপৰি কা বিৰোধী আন্দোলন দমন কৰিবলৈ চৰকাৰে ৰাইজৰ ওপৰত উৎপীড় চলাইছে ।পাঁচ জনকৈ নিৰীহই ছহিদীবৰণ কৰিছে । বহুলোক ঘূণীয়া হৈছে । কিন্তু চৰকাৰে কোনো তদন্ত ঘোষণা কৰা নাই। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ ওপৰত চলোৱা দমন-উৎপীড়ন বন্ধ কৰাৰ আৰু আৰক্ষী নিৰাপত্তা বাহিনীয়ে চলোৱা গুলিচালনা-লাঠিচালনা কাণ্ড উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰে।

ৰাজ্যজুৰি ৰূপায়ণ কৰা অনশন কাৰ্যসূচী কেন্দ্ৰীয় যুটীয়া সম্পাদক মুকুট ডেকাৰ নেতৃত্বত আমিনগাঁৱত কামৰূপ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৯জন লোকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।দৰং জিলাৰ মঙ্গলদৈত জিলা সভাপতি শশীন্দ্ৰ শৰ্মাৰ নেতৃত্বত ৫জন লোকে; শোণিতপুৰ জিলাত কেন্দ্ৰীয় বিত্ত সম্পাদক মানসিক লস্কৰৰ নেতৃত্বত ৫ জন লোকে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে।